৩০/০৮/২৪, শুক্ৰবাৰ
মেষ ৰাশি: নতুন কামৰ যুগ। ব্যৱসায়ত জ্যেষ্ঠ আৰু কনিষ্ঠ উভয়ৰে পৰা সম্পূৰ্ণ সহযোগিতা লাভ৷ এনে পৰিস্থিতিত ভাবি-চিন্তি ধন ব্যয় কৰাটো বুদ্ধিমানৰ কাম হ’ব, কাৰণ মাহৰ শেষত আপুনি ধন ধাৰলৈ ল’বলগীয়া হ’ব পাৰে ৷ ঘনিষ্ঠ সময় কটোৱাৰ সুযোগ পাব ৷ ধন লাভ কৰিব, সেই অনুপাতে অত্যধিক ব্যয়ো হ’ব৷ প্ৰেম সম্পৰ্ক সহজ হৈ পৰিব৷ বৈবাহিক জীৱন সুখময় হ’ব ৷
বৃষ ৰাশি: পুৰণি বিনিয়োগৰ পৰা লাভান্বিত হ’ব৷ ক্ষমতা আৰু চৰকাৰৰ সৈতে সম্পৰ্কিত বাকী থকা দায়িত্বসমূহ এগৰাকী প্ৰভাৱশালী ব্যক্তিৰ সহায়ত সম্পন্ন হ’ব৷ প্ৰেম সম্পৰ্কত প্ৰগাঢ়তা থাকিব ৷ প্ৰেম সম্পৰ্ক বিবাহত পৰিণত হ’ব পাৰে৷ সমাজত মান-সন্মান বৃদ্ধি হ’ব৷
মিথুন ৰাশি: দিনটো অতি ব্যস্ততাপূৰ্ণ হ’ব৷ মানসিক চাপৰ সন্মুখীন হ’ব পাৰে৷ বাৰে বাৰে লক্ষ্যৰ পৰা বিচলিত কৰিবলৈ চেষ্টা কৰা সহকৰ্মীসকলৰ কথাক আওকাণ কৰক৷ বৈবাহিক জীৱন সুখময় হ’ব৷ ব্যৱসায়িক ভ্ৰমণ শুভ হ’ব ৷ আৰ্থিক উন্নতি হ’ব যদিও সেয়া লেহেমীয়া হ’ব৷গতানুগতিক স্বাস্থ্য ৷
কর্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলে ঘৰ আৰু পৰিয়ালৰ সংক্ৰান্তীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে৷ চাকৰিৰ সন্ধানত থকা লোকসকলৰ অপেক্ষা অলপ দীঘলীয়া হ’ব পাৰে৷ চাকৰিয়াল লোকসকলৰ বাবে কিছু সকাহ কঢ়িয়াই আনিব৷ জীৱন সংগীৰ স্বাস্থ্য সন্দৰ্ভত চিন্তিত হৈ থাকিব পাৰে। কৰ্মক্ষেত্ৰত চলি থকা বাধা-বিঘিনিসমূহ কমি যাব ৷ জ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ সহযোগিতা পাব ৷
সিংহ ৰাশি: দিনটো অনুকূল হ’ব৷ দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা কামসমূহ কোনো সম্পন্ন হোৱাৰ সম্ভাৱনা৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰয়াসক স্বীকৃতি দিয়া হ'ব৷ প্ৰেম সম্পৰ্ক সুদৃঢ় হ’ব ৷ পাৰ্থিৱ সুখ-স্বাচ্ছন্দ্য আৰু সমল বৃদ্ধি হ’ব ৷
কন্যা ৰাশি: জীৱনত গুৰুত্বপূৰ্ণ অনুকূল পৰিৱৰ্তন দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে ৷ আপোনাৰ পছন্দৰ ঠাইলৈ বদলি হোৱাৰ দীৰ্ঘদিনীয়া লক্ষ্য পূৰণ হ’ব পাৰে৷ মুঠ ধন-সম্পত্তি বৃদ্ধি হ’ব৷ বিদেশত কাম কৰাসকলে প্ৰয়োজনীয় সা-সুবিধা লাভ কৰিব৷ প্ৰেম সম্পৰ্ক গতানুগতিক হৈ পৰিব৷
তুলা ৰাশি: চিকিৎসাজনিত সমস্যাৰ বাবে আপোনাৰ কাম বিঘ্নিত হ’ব পাৰে৷ ব্যৱসায়ৰ লগত জড়িত লোকসকলে তেওঁলোকৰ প্ৰতিদ্বন্দ্বীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে৷ সুস্থ প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিবলৈ খৰখেদা কৰাৰ পৰা বিৰত থাকক তথা সাৱধানে আগবাঢ়ক ৷
বৃশ্চিক ৰাশি: বিশেষ কাম সম্পূৰ্ণ কৰোঁতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ’ব পাৰে ৷ তিতা-মিঠা মতানৈক্যৰ মাজত প্ৰেম সম্পৰ্ক জটিল হৈ পৰাৰ সম্ভাৱনা৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব৷ কোনো প্ৰভাৱশালী ব্যক্তিক লগ পোৱাটো ভৱিষ্যতে কোনো লাভজনক আঁচনিত যোগদান কৰাৰ এটা ডাঙৰ কাৰণ হ’ব ৷
ধনু ৰাশি: সন্তান সংক্ৰান্তীয় সুখবৰে অতি সুখী কৰি তুলিব৷ পেছাগত, ব্যৱসায়িক বা ব্যক্তিগত কাৰণত আপুনি দীৰ্ঘ বা কম দূৰত্বৰ যাত্ৰা কৰিবলগীয়া হ’ব পাৰে৷প্ৰেম লাভৰ যুগ৷ একে সময়তে চলি থকা ৰোমান্টিক সম্পৰ্ক আৰু অধিক সুদৃঢ় হৈ পৰিব ৷ বৈবাহিক জীৱন সুখময় হ’ব ৷
মকৰ ৰাশি: দীৰ্ঘদিন ধৰি চাকৰিৰ সন্ধানত থকা লোকসকলৰ বাবে দিনটো শুভ৷ কৰ্মক্ষেত্ৰৰ পৰিস্থিতি আগতকৈ ভাল হ’ব ৷ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু কনিষ্ঠসকলৰ সহযোগিতা লাভ কৰিব৷ সম্পত্তি আৰু ঘৰৰ সৈতে জড়িত বিবাদত ৰায় আপোনাৰ পক্ষত আহিব পাৰে৷
কুম্ভ ৰাশি: এলাহ আৰু অহংকাৰৰ পৰা আঁতৰি থাকক৷ যিকোনো কাম কাইলৈকে পিছুৱাই দিলে আৰ্থিক ক্ষতি হ’ব পাৰে৷স্বাস্থ্য আৰু সম্পৰ্কসমূহৰ প্ৰতি যত্নশীল লওক৷ বহু দায়িত্ব লভ কৰিব পাৰে৷ চাকৰিয়াল লোকসকলৰ বাবে উপাৰ্জনৰ নতুন উৎসৰ সৃষ্টি হ’ব ৷
মীন ৰাশি: নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে৷ পদোন্নতিৰ বাবে অপেক্ষা শেষ হ’ব৷ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত সৌভাগ্যপূৰ্ণ হ'ব৷ স্বাস্থ্য গতানুগতিক হৈ থাকিব৷ আয়ৰ লগতে অতিৰিক্ত ব্যয়ো থাকিব৷ প্ৰেম সম্পৰ্ক সহজ হৈ পৰিব৷
Leave A Comment