ডিজিটেল ডেস্ক : কোটা মহানগৰত ছাত্র-ছাত্ৰীৰ আত্মহত্যা বৃদ্ধি পোৱাৰ ঘটনাক লৈ শুকুৰবাৰে ৰাজস্থান চৰকাৰ উচ্চতম ন্যায়ালয়ৰ তীব্র সমালোচনাৰ সন্মুখীন হয়। ন্যায়াধীশ জে বি পাদীৱালা আৰু আৰ মাধৱনৰ এখন পীঠে কয় যে এইবছৰ মহানগৰখনত ১৪টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। ৰাজস্থান চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাক ন্যায়াধীশ পাদীৱালাই প্রশ্ন কৰে, 'ৰাজ্য হিচাপে আপোনালোকে কি কৰি আছে? কিয় এই ল'ৰা-ছোৱালীবোৰৰ আত্মঘাতী হৈ মৃত্যু হৈছে আৰু কেৱল কোটাত? এখন ৰাজ্য হিচাপে আপোনালোকে চিন্তা কৰা নাই নেকি?'
অধিবক্তাই ন্যায়ালয়ক জনায় যে আত্মহত্যাৰ ঘটনাবোৰ পৰীক্ষা কৰিবলৈ বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰা হৈছে। ন্যায়ালয়ে খড়গপুৰ আই আই টিৰ ২২ বছৰীয়া এগৰাকী শিক্ষাৰ্থীৰ মৃত্যুৰ লগতে কোটাত নিজৰ অভিভাৱকৰ সৈতে থকা নীট পৰীক্ষা দিবলৈ বিচৰা এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ বিষয়ৰ ঘটনাৰ শুনানি গ্ৰহণৰ সময়ত ৰাজস্থান চৰকাৰক প্ৰশ্ন কৰে। অধিবক্তাই ন্যায়ালয়ক জনায় যে তদন্ত চলি আছে আৰু এইবছৰ ১৪গৰাকী শিক্ষার্থীয়ে কোটাত আত্মহত্যা কৰিছে।
আনহাতে ৪ দিন পাছত এফ আই আৰ ৰুজু কৰাৰ বাবে ৰাজস্থান চৰকাৰক উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ৰায় অৱমাননা কৰা বুলিও কয়। কোটাৰ ঘটনাত এফ আই আৰত পলম হোৱা বাবে ন্যায়ালয়ে পৰিস্থিতি ব্যাখ্যা কৰিবলৈ সংশ্লিষ্ট আৰক্ষী বিষয়ালৈ ১৪ জুলাইত ন্যায়ালয়ত হাজিৰ হ'বলৈ চমন জাৰি কৰে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment