১০ ডিচেম্বৰ২০২৪, মঙলবাৰ
মেষ: ৰাশিৰ আদ্যাক্ষৰ অ,ল। শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১,৯। শুভ ৰং ৰঙা। দিনটো কিছু উন্নত পাব। স্বাস্থ্য মজলীয়া। পাৰিবাৰিক জীৱন গতানুগতিক। উপার্জন হ'লেও লগত খৰচৰ বাট লৈহে আহিব।
বৃষ: ৰাশিৰ আদ্যাক্ষৰ ই,উ,ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২,৬। শুভ বং গেৰুৱা। কোনো সা-সম্পত্তি লোৱাৰ প্রস্তুতি চলিব পাৰে। কর্মস্থানত থকা গোপন শত্রুৰ সকলো অপচেষ্টা বিফল হ'ব।
মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক,ছ,ঘ। শুভ কাৰক গ্রহ ৰবি,বুধ। শুভ সংখ্যা ১,৫। শুভ ৰং বগা। পাৰিবাৰিক জীৱন গতানুগতিক। আর্থিক দিশত কিছু উন্নত পাব। মন উন্নত। আনৰ হিত সাধি ভাল পাব।
কর্কট: ৰাশিৰ আদ্যাক্ষৰ ড,হ। শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২,৩। শুভ ৰং সোণালী। পৰিকল্পিত কামবিলাক আগুৱাই নিওঁতে বিৰোধীৰ পৰা বাধাগ্রস্ত হ'ব পাৰে। পাৰিবাৰিক জীৱন সুখৰেই।
সিংহ: ৰাশিৰ আদ্যাক্ষৰ ম,ট। শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং নীলা। শিল্পী, সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে অনুকূল। পত্নীৰ বিচক্ষণ বুদ্ধিৰ বলত ঘৰুৱা সমস্যা সহজে সমাধা হ'ব। বিদ্যাত মধ্যম। কামৰ দায়িত্ব বাঢ়িব। বিয়া-বাৰুৰ কথাত সুফল পাব।
কন্যা: ৰাশিৰ আদ্যাক্ষৰ প,ঠ। শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫, ৭। শুভ ৰং সেউজীয়া। কোনো মাংগলিক কৰ্মৰ যো-জা হ'ব পাৰে। শৰীৰ মোটামুটি ভালেই। ঘৰুৱা পৰিৱেশ আন দিনাতকৈ উন্নত।
তুলা: ৰাশিৰ আদ্যাক্ষৰ ৰ,ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬,৭। শুভ বং বেঙুনীয়া। ব্যস্ততাৰে দিনটো পাৰ হ'ব। ৰাজনীতিত নিজৰ বুদ্ধিমত্তা প্রকাশ। পাৰিবাৰিকত জীৱন গতানুগতিক। বিদ্যাত মধ্যম।
বৃশ্চিক: ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ মঙল,ৰবি। শুভ সংখ্যা ১,৯। শুভ ৰং মাখন। কথা-বার্তাত সাৱধান হ'ব, কথাত পিছল খাই অপ্রস্তুত হ'ব পাৰে। স্বাস্থ্য মজলীয়া। এলাহ ভাবক প্রশ্রয় নিদিব।
ধনু: ৰাশিৰ আদ্যাক্ষৰ ধ,ফ,ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২,৩। শুভ ৰং মুগা। সামাজিক মান-মর্যাদা অটুট থাকিব। বিদ্যার্থীৰ বহুমুখী প্রতিভা। চাকৰি প্রার্থীসকলে সম্ভৱস্থলত কর্ম-সংস্থাপনৰ সু-খবৰ পাব।
মকৰ: ৰাশিৰ আদ্যাক্ষৰ খ,জ। শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭,৯। শুভ ৰং ক'লা। ৰাজহুৱা কামত দক্ষতা আৰু সুনাম থকাৰ বাবে ৰাইজে আপোনাৰ ওপৰত কামৰ বোজা আৰু দিব পাৰে। দাম্পত্যত দুই এটা খুঁত-খাত থাকিব।
কুম্ভ: ৰাশিৰ আদ্যাক্ষৰ গ,শ,স। শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬,৭। শুভ ৰং হালধীয়া। ঘৰুৱা পৰিৱেশ যথেষ্ট উন্নত পাব। আপোনাৰ কৰ্মোন্নতিত বন্ধু-বান্ধৱৰ সু-পৰামৰ্শই সহায় কৰিব। বিদ্যার্থীয়ে অলপ যত্ন কৰিলেই ভাল ফল দেখুৱাব পাৰিব।
মীন: ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২,৩। শুভ ৰং মুগা। কর্মক্ষেত্রত সহায়-সহযোগ পাব। মধুৰ কথাৰে আপুনি মানুহক সহজে আপোন কৰি ল'ব পাৰিব। চাকৰিজীৱীয়ে উৰ্ধ্বতন পক্ষৰ লগত উন্নত সংযোগ লাভ কৰিব। দাম্পত্যত বুজাবুজি থাকিব।
Leave A Comment