• আজিৰ দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজিৰ  দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক
    ১১ অক্টোবৰ, ২৪, শুকুৰবাৰ

    মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১,৯। শুভ ৰং নীলা। দিনটো ভালেই যাব। পাৰিবাৰিক জীৱনত দুই এটা খুঁত-খাত লাগিলেও বুজাবুজিও থাকিব। ধর্মীয় পৰম্পৰা ৰক্ষা কৰাত ব্যস্ততা।

    বৃষঃ ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২,৬। শুভ ৰং ৰূপালী। ঘৰুৱা পৰিবেশ আন দিনাতকৈ যথেষ্ট উন্নত পাব। পিছবেলাৰ পৰা বেপাৰ-বাণিজ্যত প্রচুৰ উন্নতি। ধর্মত মতি।

    মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্রহ ৰবি, বুধ। শুভ সংখ্যা ১,৫। শুভ ৰং গুলপীয়া। বন্ধু-বান্ধৱ তথা আত্মীয়-স্বজনৰ আগমন হ'ব। বেলি আগুৱাই যোৱাৰ লগে লগে ক্রমে মনটোও মুকলি পাব।

    কর্কট: ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২,৩। শুভ ৰং বগা। প্রায় ক্ষেত্রতে সুফল পাব। শৰীৰ প্রায় ভালেই। সামাজিক কামৰ মাজেদি সুখ্যাতি লাভ। ঘৰুৱা জীবন সুখৰেই।

    সিংহঃ ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্রহ ববি, মঙল। শুভ সংখ্যা ১,৯। শুভ ৰং নীলা। মাতুৰ আশিস লৈ সাহসেৰে কামত আগবাঢ়ক, সফল হ'ব। মনোবল থাকিলেও কামবিলাক আগুৱাই নিবলৈ স্বাস্থ্যই অনুমতি নিদিবও পাৰে। ধর্মত মতি। 

    কন্যা: ৰাশিৰ আদ্যাক্ষৰ প. ঠ। শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫,৭। শুভ ৰং মাখন। আপোনাৰ ৰাশিলৈ গুৰুৰ সুদৃষ্টি থকাত আহিব লগা বহু বিপদ আপদৰ পৰা ৰক্ষা পাব। মন উন্নত।

    তুলা: ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬,৭। শুভ ৰং নীলা। পাৰিবাৰিক জীৱন সুখৰেই। নতুন বন্ধু লাভ। পুৰণা দিনৰ কথা ৰোমন্থন কৰি ভাল পাব। সংগীত, নৃত্য আদি কলাত পাৰদৰ্শিতা।

    বৃশ্চিক: ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ মঙল, ববি। শুভ সংখ্যা ১,৯। শুভ বং কফি। ব্যস্ততাৰে দিনটো পাৰ হ'ব। আধ্যাত্মিক চিন্তা-চৰ্চা কৰি ভাল পাব। ব্যৱসায়ত শুভ। শিল্পী-সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে অনুকূল। ইষ্ট-কুটুম্বৰ আগমন। 

    ধনুঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি,চন্দ্র। শুভ সংখ্যা ২,৩। শুভ ৰং হালধীয়া। আজি আপোনাৰ ৰাশিত চন্দ্র, কেন্দ্রত পাঁচোটা গ্রহ থকাত মনে ভবা কামবিলাক ঠিকে ঠাকে আগুৱাই নিয়াত বাধা নেপাব।

    মকৰঃ বাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭,৯। শুভ ৰং ৰঙা। ভ্রমণৰ যো-জা। প্রতিযোগিতামূলক কামত সফল হ'ব। খেলা-ধূলা, সংগীত- নৃত্য-অভিনয় আদি কলাত যোগ্যতা প্রকাশ। 

    কুম্ভ: বাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬,৭। শুভ ৰং মাখন। বন্ধুবর্গ পৰিবেষ্টিত পৰিৱেশ ভাল পাব। হিচাপত কথা ক'ব নোৱাৰিলে, আজি নিজৰ কথাত নিজে বান্ধ খাব পাবে। শত্ৰু প্রভাৱ দেখায়। ঘৰ বিভীষণৰ পৰা সতর্ক থাকক।

    মীন: ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং মুগা। শৰীৰ প্রায় ভালেই। ৰাজহুৱা কামত জড়িতসকলে দক্ষতাৰে সকলো কাম সমাধা কৰিব পাৰিব। সমাজত সমাদৰ পাব। ধর্মীয় পৰম্পৰা ৰক্ষা কৰি ভাল পাব। সম্ভৱস্থলত ভ্রমণৰ যো-জা হোটেল, পণ্য দ্রব্যাদিৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি।