• আজিৰ দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজিৰ  দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক
    ১২/১০/২৪, শনিবাৰ


    মেষ: কর্মক্ষেত্রত বেয়া নহয়। সম্ভৱপৰ সতৰ্কতাৰে কৰ্মত অগ্ৰসৰ হোৱা বিধেয়। শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব ব্যয় বৃদ্ধি।

    বৃষ: মনৰ উৎসাহ-উদ্দীপনাই কর্মক্ষেত্রত আগবঢ়াত সহায় কৰিব। মানসিক আনন্দ লাভৰ সম্ভাৱনা। মধুৰ কথাৰে মানুহক আকৰ্ষণ আৰু প্ৰভাৱিত কৰিব পাৰিব।ব্যৱসায়ত উন্নতি।

    মিথুন: আর্থিকক্ষেত্র অনুকূল প্রভাবাধীন। কাম-কাজত অগ্রগতি লাভৰ আশা কৰিব পাৰে। ব্যৱসায়ত আয়। পাৰিবাৰিক সমস্যা হ্রাস।

    কর্কট: মনত জন্মা ভীতি ভাবে কর্মক্ষেত্রত বিৰূপ প্ৰভাৱ পেলোৱাৰ শংকা দেখা যায়। সাহসেৰে কৰ্মত অৱতীৰ্ণ হোৱা ভাল।  ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে ব্যয় বৃদ্ধি।


    সিংহঃ কর্মক্ষেত্র অনুকূল প্রভাৱাধীন হেতু কৰ্মত সাফল্য প্রাপ্তিৰ আশা কৰিব পাৰে। আর্থিক সমস্যা লাঘৱ। পাৰিবাৰিক অশান্তি নাই।কষ্টৰ অনুপাতে কম ফলাফল লাভ কৰিব। 

    কন্যা: কাম-কাজত তৎপৰতা বৃদ্ধি পাব। ব্যৱসায়ত জড়িতৰ পক্ষে আর্থিক উন্নতিৰ আশা কৰিব পাৰে। পাৰিবাৰিক সমস্যা লাঘব। বন্ধু-বান্ধৱীৰ পৰা সহায় পাব পাৰে।

    তুলা: কাম-কাজৰ ক্ষেত্রত সতর্কতা অবিহনে ক্ষতিগ্রস্ত হোৱাৰ আশংকা নথকা নহয়। ব্যৱসায়ত চিন্তা। বিবাদ এৰাই চলা ভাল।

    বৃশ্চিক: প্রেম-প্রীতিৰ ক্ষেত্ৰ প্ৰতিকূল নহয়। আনৰ মৰম-চেনেহৰ প্রতি আকাংক্ষা জাগিব পাৰে। ব্যৱসায়ত মিশ্রিত ফল লাভৰ আশা। কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব 

    ধনু: কাম-কাজত লাগি থাকিলেও স্বাস্থ্যজনিত সমস্যাই মানসিক অশান্তিৰ উদ্রেক ঘটাব পাৰে। প্ৰেম জীৱনত সফলতা লাভ কৰিব। মানসিক কষ্ট কমিব।

    মকৰ দিনটো শুভ।  শিল্পী, সাহিত্যিক আদিয়ে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাব। কাম- কাজ, কথা-বতৰাত সতর্কতা অৱলম্বন কৰা বিধেয়। স্বাস্থ্য চিন্তা নাই।

    কুম্ভ: নতুন সুযোগ লাভ কৰিব। কাম-কাজত জটিলতাৰ মাজতো সফলতা লাভ কৰিব। আৰ্থিক সুবিধা লাভ কৰিব। ঘৰুৱা সমস্যা থাকিব।

    মীন: কাম-কাজত সাৱধানতা অৱলম্বন কৰিব। কোনো উপকৃত ব্যক্তিৰ দ্বাৰা ক্ষতি আশংকা নথকা নহয়। সমাজত সন্মান পাব।ব্যৱসায় আৰু চাকৰিৰ ভাল সুযোগ পাব।