ৰাষ্ট্ৰীয়
১২ ডিচেম্বৰ বৃহস্পতিবাৰ, ২০২৪
মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং বেঙুনীয়া। পাৰিবাৰিক জীৱন সুখ-স্বাচ্ছন্দ্যময় পাব। সম্ভৱস্থলত ভ্রমণৰ যো-জা। সন্তানৰ পৰা সু-খবৰ পাব। স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব।
বৃষ: ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং কমলা। আপোনাৰ ব্যক্তিত্বই সৰু- বৰ, শত্রু-মিত্ৰ সকলোকে মুগ্ধ কৰিব। ধর্মীয় কৰ্মৰ প্ৰতি ৰাপ বাঢ়িব। সংগীত আদি কলাপ্ৰেমীৰ সুখ্যাতি।
মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্ৰহ ৰবি, বুধ। শুভ সংখ্যা ১, ৫। শুভ ৰং সোণালী। ঘৰুৱা সমস্যাই আমনি দিব। পিছে আমনি পালেও নিজ কর্তব্য আগুৱাই নিয়াত দৃঢ়তা থাকিব। প্রেম-প্রীতি লাভ।
কর্কট: ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং বাদামী। সামাজিক প্রতিপত্তি, মান-মর্যাদা অটুট থাকিব। পুৰণা ৰোগগ্রস্তই কিছু সকাহ পাব। ৰাইজৰ কামত মনোনিৱেশ।
সিংহ: ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং বগা। শৰীৰ আন দিনাতকৈ কিছু উন্নত। ঘৰুৱা পৰিৱেশ গতানুগতিক। আর্থিক উন্নতিৰ মৃদু যোগ। সংগ দোষত পৰি যাতে অপদস্থ হ'ব লগা নহয়, লক্ষ্য ৰাখক। প্রেম-প্রীতিত চঞ্চল।।
কন্যা: ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫, ৭। শুভ ৰং মুগা। কোনো মাংগলিক কৰ্মৰ যো-জা হ'ব পাৰে। বিয়া-বাৰুৰ যোগাযোগত শুভ। কর্মত সহায়-সহযোগ পাব।
তুলা: ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং বগা। স্বাস্থ্য ক্ষেত্রত আমনি কম। আর্থিক উন্নতিৰ বাবে যথেষ্ট খাটিব লগা হ'ব। মাতুল পক্ষৰ পৰা সু-খবৰ পাব।
বৃশ্চিক: ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং সোণালী। স্বাস্থ্য খুব উন্নত নাযাব। কোনোৱে ঋতুগত অসুখত ভুগিবও পাৰে। প্রেম-প্রীতিত শুভ। বিয়া-বাৰুৰ যোগ।
ধনু: ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং হালধীয়া। স্বাস্থ্য মোটামুটি ভালেই। সম্ভৱস্থলত কোনোৱে অপযশ শুনিবলৈ পাব। পিতৃৰ স্বাস্থ্য দুর্বল।
মকৰ: ৰাশিৰ আদৰ খ, জ। শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। ৰং কফি। কোনো নতুন সম্পত্তি লোৱাৰ পৰিকল্পনা হ'ব। নিজৰ পচন্দ মতে যিটো পথত আগবাঢ়িবলৈ লৈছে, লোকৰ কথা মতে পিছল নাখালে সফল হ'ব।
কুম্ভ: ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং মুগা। দিনটো মোটমুটি ভালেই যাব। শৰীৰ কিছু ক্লান্ত অনুভৱ কৰিব পাৰে। বিদ্যার্থীৰ বহুমুখী প্রতিভা। ধর্মীয় কৰ্মৰ যো-জা হ'ব পাৰে।
মীন: ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং গেৰুৱা। পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব। কৰ্মত দক্ষতা প্রকাশ। আপোনাৰ কৰ্মদক্ষতা দেখি মানুহে শ্রদ্ধা কৰিব। সুখৰ বলতে জটিল পৰিস্থিতি চম্ভালি ল'ব পাৰিব। যুক্তিযুক্ত নহ'লে কোনো কথা মানি ল'বলৈ টান পাব।
Leave A Comment