২২/১০/২৪, মঙলবাৰ
মেষ: ৰাশিৰ আদ্যাক্ষৰ অ,ল। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১,৯। শুভ ৰং মাখন।পাৰবাৰিক জীৱন বুজাবুজিব মাজেৰে সুখ-শান্তিবে পাৰ হ'ব। খেলা-ধূলা, সংগীত, নাটক আদি কলাত দক্ষতা প্রকাশ।
বৃষ: ৰাশিৰ আদ্যাক্ষৰ ই,উ,ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২,৬। শুভ ৰং সেউজীয়া। ভ্ৰমণৰ যো-জা হ'ব পাৰে। পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে সুখ-শান্তিৰে পাৰ হ'ব।বিদ্যার্থীর একাগ্রতা বৃদ্ধি। ৰাজনীতিত যথাযোগ্য সম্মান পাব।
মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক,ছ,ঘ। শুভ কাৰক গ্রহ বুধ, ৰবি। শুভ সংখ্যা ১, ৫। শুভ ৰং গুলপীয়া। স্বাস্থ্য প্রায় ভালেই। প্রেম- প্রীতিত শুভ। অবাঞ্ছিত খৰচে চিন্তাত পেলাব। সামাজিক কামত জড়িত ব্যক্তিৰ বাবে উন্নত দিন। চাকৰিজীৱীয়ে ঊর্ধ্বতন পক্ষৰ লগত উন্নত সংযোগ লাভ কৰিব।
কর্কট: ৰাশিৰ আদ্যাক্ষৰ ড,হ। শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২,৩। শুভ ৰং নীলা। বন্ধু-বান্ধৱ তথা শুভাকাংক্ষীৰ লগত সদ্ভাৱ-সম্প্রীতি বৃদ্ধি পাব। দূৰ ভ্ৰমণৰ যো-জা। শিল্পী-সাহিত্যিকৰ যশ-মান বৃদ্ধি।
সিংহ: ৰাশিৰ আদ্যাক্ষৰ ম,ট। শুভ কাৰক গ্রহ ৰবি,মঙল। শুভ সংখ্যা ১,৯। শুভ ৰং সেউজীয়া। অপ্রত্যাশিতভাবে কোনো সুখবৰ পাই মন প্রফুল্লিত। পাৰিবাৰিক জীৱন আনদিনাতকৈ উন্নত। অযথা কিছু খৰচ হ'ব পাৰে। কোনোবাই আপোনাৰ সৰলতাৰ সুযোগ লৈ নিজ স্বার্থ পূৰণ কৰিব পাৰে।
কন্যা: ৰাশিৰ আদ্যাক্ষৰ প,ঠ। শুভ কাৰক গ্রহ বুধ,শনি। শুভ সংখ্যা ৫,৭। শুভ ৰং ক'লা। আপুনি দায়িত্ব লোৱা কামখিনি সুকলমে সমাধা কৰাত বাধা নাপাব। অৱশ্যে আপোনাৰ ওপৰত শত্ৰুৰ প্রভাৱ দেখা যায়। পাৰিবাৰিক জীৱন গতানুগতিক।
তুলা: ৰাশিৰ
আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং সেউজীয়া। শৰীৰ মোটামুটি ভালেই। কলা-সংস্কৃতিৰ প্ৰতি ৰাপ বাঢ়িব। প্রতিযোগিতামূলক কামত সফল হ'ব।
বৃশ্চিক: ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ মঙল, ববি। শুভ সংখ্যা ১, ৯। শুভ ৰং গুলপীয়া। সামাজিক প্রতিপত্তি, মান-- মর্যাদা অটুট থাকিব। চিকিৎসক, আইনজীৱী, সামাজিক কামত জড়িত ব্যক্তি আদিৰ বাবে অনুকূল।
ধনু: ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২,৩। শুভ ৰং ৰঙা। অস্থিৰ চিন্তা মনলৈ নানিব। বিবাহ যোগ্যৰ বিবাহৰ যোগাযোগত শুভ। ব্যৱসায়ত প্ৰচুৰ উন্নতি।
মকৰ: ৰাশিৰ আদ্যাক্ষৰ খ,জ। শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭,৯। শুভ ৰং কমলা। কর্মত দক্ষতা প্রকাশ আৰু আপোনাৰ কৰ্ম দক্ষতা দেখি মানুহে শ্রদ্ধা কৰিব। সংগ দোষৰ পৰা সতর্ক থাকক।
কুম্ভ: ৰাশিৰ আদ্যাক্ষৰ গ,শ,স। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬,৭। শুভ ৰং বেঙুনীয়া। স্বাস্থ্যৰ ক্ষেত্রত আমনি কম। কোনো মাংগলিক কৰ্মৰ যো-জা হ'ব পাৰে। আনৰ কাৰণে আন্তৰিকতাৰে খাটিলেও মানুহে সন্দেহৰ চকুৰেহে চাব।
মীন: ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২,৩। শুভৰং বাদামী। দিনটো ভলেই যাব।ব্যস্তাতাৰ মাজেৰে দিনটোৰ কামবোৰ আগুৱাব। দাম্পত্য জীৱন গতানুগতিক বিদ্যা-বুদ্ধিত ভলেই। শিক্ষক, অধ্যাপক তথা বুদ্ধিজীৱীৰ বাবে উন্নত দিন। উপাৰ্জন হ’লেও খৰচৰ মাত্ৰাও সেই দৰে বৃদ্ধি পাব।
Leave A Comment