• আজিৰ দিনটো কেনে যাব?

    জীৱন শৈলী
    আজিৰ দিনটো কেনে যাব?
    ২৬ নৱেম্বৰ,২০২৪ মঙলবাৰ


    মেষ: নিজৰ প্রচেষ্টাৰে হাতত লোবা যিকোনো কামতে অভাৱনীয় উন্নতি। পিছে পিতৃ-মাতৃৰ মনত কোনো কাৰণত উদ্বেগ-উদ্বিগ্নতা থাকিব। আধ্যাত্মিক চিন্তা-চর্চা কৰি ভাল পাব। বিদ্যাত মধ্যম।

    বৃষ: শৰীৰ প্রায় ভালেই। প্রেম-প্রীতিত জটিলতা। বিদ্যার্থীৰ বহুমুখী প্রতিভা। কলা- সংস্কৃতিৰ প্রতি ধাউতি বাঢ়িব।সন্তানৰ প্ৰতি চকু ৰাখক। বুদ্ধি-বৃত্তিত উন্নতি। 

    মিথুন: পাৰিবাৰিক জীৱন সুখ-শান্তিময়। সামাজিক প্রতিপত্তি অটুট থাকিব। লোহা, কয়লা, চাহ আদিৰ ব্যৱসায়ত প্রচুৰ উন্নতি।পঢ়া-শুনাত বেয়া নহয়।

    কর্কট: শিল্পী-সাহিত্যিক তথা বুদ্ধিজীৱীয়ে আশা কৰা মতে সম্মান নেপাবও পাৰে। কোনো কথাত কাৰো লগত মত বিৰোধ হ'ব পাৰে।হাতৰ ধন পৰাপক্ষত খৰচ নকৰিব৷কামত অগ্রগতি।

    সিংহ: ৰাজনীতিত থকাসকলে যুক্তিপূর্ণ কথাৰে ৰাইজৰ মন মুহিব পাৰিব। মান-সম্মান পোৱাৰ লগতে খ্যাতিও লভিব। সন্তানসম্ভৱা মাতৃয়ে কিছু সাৱধানে চলা ভাল। আত্মবিশ্বাসৰ লগতে বিচক্ষণতাও বাঢ়িব।

    কন্যা: শৰীৰ মজলীয়া। গোপন শত্রুৰ প্ৰৰোচনাত আপোনাৰ উন্নতিত বাধাগ্রস্ত হ'ব পাৰে। মন অশান্ত থাকিব।আনৰ ধন হাতত পৰাপক্ষত নাৰাখিব।

    তুলা: চিকিৎসক, আইনজীৱী আদি বৃত্তিধাৰীৰ বাবে অনুকূল। আপুনি সকলোৰে লগত মিলিজুলি থাকিব পাৰে বাবে সকলোৰে প্রিয়। মাতৃৰ স্বাস্থ্য দুর্বল।বিদ্যাত যত্ন লওক। 

    বৃশ্চিক: শৰীৰ মোটামুটি ভালেই। অলপ যত্ন কৰিলেই বিদ্যার্থীয়ে ভাল ফল দেখুৱাব পাৰিব। শিল্পী-সাহিত্যিকৰ সুখ্যাতি।ব্যৱসায়ত চকু ৰাখক।বিদ্যাত শুভ৷

    ধনু: আর্থিক উন্নতিৰ যোগ। প্রেম-প্রীতিত জটিলতা। আপোনাৰ কথাৰ সুৰে যাতে আনৰ মনত আঘাত নিদিয়ে লক্ষ্য ৰাখক। গৱেষণাদি কৰ্মত সফলতা অৰ্জন কৰাৰ সম্ভাৱনা আছে।

    মকৰ: ৰাশিৰ ফালৰ পৰা অশুভ কাৰক মাংগলিক যোগ হোৱাত, দাম্পত্য জীৱনক লৈ মাজে মাজে চিন্তিত। খৰচ বাঢ়িলেও সেইদৰে উপার্জনো হ'ব।বিদ্যাত যত্ন লওক। 

    কুম্ভ: শাৰীৰিক দিশত আমনি কম। সৎ বন্ধু লাভ। কর্মত উৎসাহ-উদ্দীপনা। সাহিত্য-সংস্কৃতিৰ প্রতি মনোযোগ থাকিব। পঢ়া-শুনাত আগ্রহ বাঢ়িব৷

    মীন: স্বাস্থ্য প্রায় ভালেই। দিনটো প্রায় ভালেই যাব। হঠাৎ কোনো শুভ সংযোগ লাভ। বিদ্যা-বুদ্ধিতো ভালেই। পাৰিবাৰিক জীৱন বুজাবুজিত চলিব। ব্যৱসায়ত চকু ৰাখক৷