• আজিৰ দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজিৰ দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক
    ২৯/০৯/২৪, দেওবাৰ


    মেষ : ভাল বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব। শৰীৰো বৰ উন্নত নহয়। তথাপি সামগ্রিকভাৱে মান-মর্যাদা অটুট থাকিব। প্রতিযোগীৰ ভালেই। ঘৰুৱাত মধ্যম। পঢ়াত যত্ন ৰাখক।

    বৃষ: আনৰ প্ৰতি সদয় হ’ব।মানসিক শান্তি। সম্ভৱস্থলত দলীয় সদস্যই নতুন দলত যুক্ত হ’বও পাৰে। বিবাহৰ যো-জা। দাম্পত্যত পূর্ববৎ। 

    মিথুন: গৃহৰ পৰিবেশ নিৰাশাজনক নহয়। আত্মবিশ্বাস। স্বমতাদর্শৰ প্ৰতি বেছি সজাগ। অভিভাৱকৰ পৰা নিৰ্ভৰশীলে উপকৃত হ’ব। বিজ্ঞানপ্রীতি। নতুন চিন্তা। পঢ়াত প্রগতি। 

    কৰ্কট: সন্মুখত প্রত্যাহ্বান। তৰল পদার্থৰ পৰা ক্ষতি। অর্থ ব্যৱহাৰ, হিচাপ ৰক্ষক, পৰিসংখ্যা আদি বিষয়ত বিচক্ষণতা। নতুন ভৱিষ্যতৰ পৰিকল্পনাত সতর্ক থকাটো ভাল। বিদ্যাত শুভ।

    সিংহ: স্নেহ-মমতাৰ লগতে জনপ্রিয়তা বাঢ়িব। সমাজকর্মীৰ সন্মান। শৰীৰৰ প্ৰতি অৱজ্ঞা নকৰিব। মনৰ বল থাকিলেও দেহৰ শক্তিৰ সৈতে তুলনা কৰি চলক।

    কন্যা: দিনটাে অস্থিৰ। খৰচ। মাজে মাজে দুই-একে অযথা সন্দেহাে কৰিব পাৰে। দাম্পত্যত বেয়া নহয়। অহংকাৰ নিয়ন্ত্ৰণ কৰক। চৰকাৰী কামত খ্যাতি।

    তুলা: বাধাৰ মুখামুখী।মানসিক ভাৱে সৱল থকিব । কথা-বতৰাতো ভালেই দেখা যায়। কিন্তু এশ এবুৰি জঞ্জাল থাকিব।বিদ্যাত শুভ।

    বৃশ্চিক: শৰীৰ মধ্যম। সদা হাস্যমুখেৰে কঠিন পৰিবেশো জয় কৰিবলৈ সক্ষম হ’ব।  কোনো দুর্যোগৰ পৰা ৰক্ষা পৰাৰ সম্ভাৱনা | বিদ্যাত শুভ।

    ধনু: ভক্তিমাৰ্গৰ সৈতে জড়িত হ’ব পাৰে। অৱশ্যে সর্বসাধাৰণে বিভিন্ন কাৰণত চিন্তিত থাকিব।চৰকাৰী কামত খ্যাতি। দাম্পত্যত বেয়া নহ’ব।

    মকৰ: উচ্চ মানসিকতাৰ যোগ।ব্যৱসায়ত উচ্চস্তৰীয় প্রভাৱ। বিদ্যাত অৱশ্যে বেয়া নহয়। অযথা কাৰণত মনোৰঞ্জন কর্মত নুঘূৰাই ভাল। শিল্পীৰ শুভ। অনুসন্ধানীৰ প্রচেষ্টা।

    কুম্ভ: কথাৰে শ্রোতাক আকৰ্ষিত কৰিব।নিজৰ কর্ম প্ৰসাৰৰ বাবে সুযোগ পাব। যিসকল আগ্রহী, গুণী ছাত্রছাত্রী। তেওঁলোকৰ অৰ্থৰ অভাৱত ক্ৰমবিকাশ বন্ধ নহয়। শৰীৰ ভাল।