• আজিৰ দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজিৰ দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক
    ২৯/১০/২৪, মঙলবাৰ

    মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১,৯। শুভ ৰং গুলপীয়া। শৰীৰ বৰ উন্নত নেপাব। মনোবল থকাত হয়তো মুখেৰে একো প্রকাশ নকৰিব পাৰে। সম্ভৱস্থলত ভ্রমণৰ যো-জা।

    বৃষ: বাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২,৬। শুভ ৰং ৰঙা। কর্মত সহায়-সহযোগ পাব। বিদ্যার্থীৰ একাগ্রতা বৃদ্ধি। ঘৰুৱা পৰিৱেশ শুভাশুভ মিশ্রিত। সাহিত্য-সংগীত আদি কলাত যোগ্যতা প্রকাশ।

    মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক,ছ,ঘ। শুভ কাৰক গ্রহ ৰবি, বুধ। শুভ সংখ্যা ১,৫। শুভ ৰং হালধীয়া। কর্মত সুখ্যাতি লাভ। হঠাৎ কোনো কাৰণত মন বেয়া হ'বও পাৰে। দাম্পত্যত মধ্যম। শৰীৰ সম্পর্কে সতর্ক থাকক।

    কর্কট: ৰাশিৰ আদ্যাক্ষৰ ড,হ। শুভ কাৰক গ্রহ চন্দ্র,বৃহস্পতি।শুভ সংখ্যা ২,৩। শুভ ৰং নীলা। অর্থ কষ্টৰ কিছু উপশম পাব। সৰু-সুৰা গাত লগা কোনো কথাই মন অশান্ত কৰি বাখিব। ৰাজনীতিত জটিলতা।

    সিংহ: ৰাশিৰ আদ্যাক্ষৰ ম,ট। শুভ কাৰক গ্রহ ৰবি,মঙল। শুভ সংখ্যা ১,৯। শুভ ৰং বেঙুনীয়া। আর্থিক উন্নতিৰ বাবে যথেষ্ট খাটিব লগা হ'ব। বিদ্যার্থীৰ বহুমুখী প্রতিভা। পাৰিবাৰিক জীৱন খুব উন্নত নেপাব। স্বাস্থ্যও ঠিক একেই। টকা-পইচা হাতলৈ আহিলেও লগত খৰচৰ বাট লৈহে আহিব। বন্ধু-বান্ধৱৰ লগত ভালেই।

    কন্যা: ৰাশিৰ আদ্যাক্ষৰ প,ঠ। শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫,৭। শুভ ৰং মুগা। শিল্পী, সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে অনুকূল। বিদ্যাত সিমান বাধা নাই। সৃজনীমূলক কামত সফল হ'ব।

    তুলা: ৰাশিৰ আদ্যাক্ষৰ ব,ত। শুভ কাৰক গ্রহ শুক্র,শনি। শুভ সংখ্যা ৬,৭। শুভ ৰং সোণালী। আর্থিক সমস্যা থাকিব। মান-সম্মান পালেও সমালোচিতও হ'ব। কল্পনা কৰি, সপোন দেখি ভাল পাব।

    বৃশ্চিক: ৰাশিৰ আদ্যাক্ষৰ ন,য। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১,৯। শুভ ৰং গেৰুৱা।স্বাস্থ্য মজলীয়া।অৱশ্যে, আকস্মিকভাৱে শৰীৰত আঘাত পাবও পাৰে। বিয়া- বাৰুৰ কথাত সুফল পাব।

    ধনু: ৰাশিৰ আদ্যাক্ষৰ ধ,ফ,ভ। শুভ কাৰক গ্রহ বৃহস্পতি,চন্দ্র। শুভ সংখ্যা ২,৩। শুভ ৰং কফি। ব্যৱসায়ত মধ্যম। ক্ষেত্র বিশেষে পাণ্ডিত্য প্রতিভা প্রকাশ পাব। প্রেমত ভুল চিন্তা। আর্থিক সমস্যা থাকিব।

    মকৰঃ ৰাশিৰ আদ্যাক্ষৰ খ,জ। শুভ কাৰক গ্ৰহ মঙল,শনি। শুভ সংখ্যা ৭,৯। শুভ ৰং তাম বৰণীয়া। সামাজিক সংযোগ পাই সুখী। বিদ্যাত বেছি জটিলতা নাই। সাহিত্য-সংস্কৃতিৰ প্রতি ধাউতি।

    কুম্ভ: ৰাশিৰ আদ্যাক্ষৰ গ,শ,স। শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬,৭। শুভ ৰং পিঁয়াজী। শৰীৰ দুৰ্বল। মাতৃৰ স্বাস্থ্যৰ প্ৰতিও চকু ৰাখক। বন্ধু-বান্ধৱৰ লগত সদ্ভাৱ-সম্প্রীতি বৃদ্ধি পাব।

    মীন: ৰাশিৰ আদ্যাক্ষৰ দ,চ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২,৩। শুভ ৰং বাদামী। দাম্পত্য জীৱন শুভাশুভ মিশ্রিত। মাতৃৰ শৰীৰ দুৰ্বল। প্ৰৱাসত থকা সন্তানক লৈ চিন্তিত। কিছুমান ভিতৰুৱা কথাৰ বাবে মন অশান্ত থাকিব। কোনো ৰহস্যমূলক কথাৰ উঁহ উলিয়াবলৈ যত্ন নকৰাই ভাল।