৭ ফেব্ৰুৱাৰী,শুকুৰবাৰ ২০২৫
মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১,৯। শুভ ৰং নীলা। আজি শুভ কাৰক জীৱচন্দ্র যোগ, বৃহস্পতি-শুক্রৰ ক্ষেত্র বিনিময় যোগ, ষটশূন্য যোগ, শুক্র তুংগী আদি হোৱাত, দিনটো ভাল ধৰণেই পাৰ হ'ব।
বৃষ: ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২, ৬। শুভ ৰং ৰূপালী। স্বাস্থ্য প্রায় ভালেই।পুৰণা ৰোগগ্ৰস্তয়ো কিছু সকাহ পাব। ৰাজহুৱা কাম বা ধর্মীয় অনুষ্ঠানত জড়িত থাকিব লগা হ'ব পাৰে। বিয়া-বাৰুৰ যোগাযোগত শুভ।
মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্রহ ৰবি, শুভ সংখ্যা ১, ৫। শুভ ৰং গুলপীয়া। পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব। সন্তানৰ পৰা সুখী। কর্মক্ষেত্রত সহায়-সহযোগ পাব।
কর্কট: ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং বগা। ঘৰত কোনো মাংগলিক কৰ্মৰ যো-জা হ'ব পাৰে। বিশেষ গুণ এটাৰ বাবে সমাজত সমাদৰ পাব। দাম্পত্যত মধ্যম।
সিংহ: ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং নীলা। শৰীৰ আনদিনাতকৈ যথেষ্ট উন্নত। শিক্ষক, অধ্যাপক আদি ব্যক্তিৰ বাবে অনুকূল। ৰাজহুৱা কামৰ মাজেদি মান-মর্যাদা পাব। আর্থিক ক্ষেত্রত শুভ। ধর্মত মতি।
কন্যা: ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫, ৭। শুভ ৰং নীলা। আজি শুভ কাৰক ষটশূন্য যোগ, জীৱ চন্দ্র যোগ আদি থকাত দিনটো ভাল ধৰণে পাৰ হোৱাত সহায় হ'ব। প্রেম প্রীতি লাভ।
তুলা: ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং বেঙুনীয়া। আপোনাৰ ৰাশ্যাধিপতি তুংগী হোৱাৰ উপৰি ষটশূন্য যোগ, জীব চন্দ্র যোগ আদি থকাত প্রায় কর্মতে যোগাত্মক ফল পাব।
বৃশ্চিক: ৰাশিৰ আদ্যাক্ষৰন, য। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং কফি। ঘৰুৱা পৰিৱেশ যথেষ্ট উন্নত। পুৰণা দিনৰ কথা ৰোমন্থন কৰি ভাল পাব। কর্মত দক্ষতা প্রকাশ।
ধনু: ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২. ৩। শুভ ৰং হালধীয়া। ৰাশিৰ কেন্দ্রত চাৰিটা গ্রহ থাকি দিনটো ভাল ধৰণে আগবঢ়াই নিয়াত সহায় হ'ব। বিদ্যার্থীৰ বহুমুখী প্রতিভা।
মকৰ: ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং ৰঙা। শৰীৰ প্ৰায় ভালেই। হোটেল, কাপোৰ, ফাৰ্মাচী আদিৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি। আপোনাৰ উন্নতিত বিপৰীত লিংগৰ প্ৰভাৱ থাকিব।
কুম্ভ: ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহশনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং মাখন। পাৰিবাৰিক জীৱন শুভাশুভ মিশ্রিত। সাৱধান নহ'লে কোনো মূল্যবান সম্পত্তি হেৰাব বা চুৰি হ'ব পাৰে।
মীন: ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং মুগা। দিনটো ব্যস্ততাৰে পাৰ হ'ব। অৰ্থ কষ্টৰ উপশম পাব। ব্যৱসায়ত জড়িত যদি মনোযোগ দিয়ক, লাভৱান হোৱাৰ উপৰি, ব্যৱসায় প্ৰসাৰৰ নতুন বাট ওলাব। সামাজিক কামৰ মাজেদি খ্যাতি লাভ। কামতেই হাত দিয়ক সুচাৰুৰূপে সমাধা হ'ব।
Leave A Comment