• সাহিত্য একাডেমী বঁটা প্ৰাপক সমীৰ তাঁতীলৈ; নিউ গুৱাহাটী সমষ্টি যুৱ মঞ্চৰ ‘কবিৰত্ন সন্মান’

    আঞ্চলিক
    সাহিত্য একাডেমী বঁটা প্ৰাপক সমীৰ তাঁতীলৈ;  নিউ গুৱাহাটী সমষ্টি যুৱ মঞ্চৰ ‘কবিৰত্ন সন্মান’
    ডিজিটেল ডেস্কঃ অসমীয়া সাহিত্যৰ বৰেণ্য কবি সমীৰ তাঁতীলৈ বিশেষ সন্মান আগবঢ়োৱা হৈছে৷ সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট কবিগৰাকীলৈ নিউ গুৱাহাটী সমষ্টি যুৱ মঞ্চৰ প্ৰতিস্থাপক সদস্য সকলৰ বিশেষ উদ্যোগত আজি ‘কবিৰত্ন সন্মানেৰে’ সন্মানিত কৰা হয়। 

    কবিগৰাকীয়ে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে নিউ গুৱাহাটী সমষ্টি যুৱ মঞ্চৰ প্ৰধান উদ্যোক্তা হৃষীকেশ ডেকাৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে বামুনিমৈদাম স্থিত আস্থা এপাৰ্টমেন্টত কবিগৰাকীৰ নিজা বাসভৱনত এখন মানপত্ৰ, চেলেং চাদৰ, ফুলাম গামোচ, শৰাই আৰু জাপিৰে সম্বৰ্দ্ধনা জনায়। 

    সামাজিক সংগঠনটোৰ আন দুগৰাকী উদ্যোক্তা হীৰকজ্যোতি মেধি আৰু ৰাহুল ৰঞ্জন বশিষ্ঠই আজি এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে। বঁটা তথা সম্বৰ্দ্ধনা গ্ৰহণ কৰি কবিগৰাকীয়ে তেখেতৰ সৃষ্টি কৰ্ম অব্যাহত থাকিব বুলি মন্তব্য কৰি অনুষ্ঠানটোৰ বিষয়ববীয়া সকলৰ এনে মহৎ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰি ভৱিষ্যতেও এই কাৰ্য অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
    indojawa88slot thailandsabung ayam onlinesv388sv388sabung ayam onlinesv388agen sabung ayamsitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamlive casino