• অকলে ভ্ৰমণ কৰোঁতে কেতিয়াও নকৰিব এইকেইটা ভুল, নহ’লে পৰিব পাৰে বিপদত

    জীৱন শৈলী
    অকলে ভ্ৰমণ কৰোঁতে কেতিয়াও নকৰিব এইকেইটা ভুল, নহ’লে পৰিব পাৰে বিপদত
    ডিজিটেল ডেস্কঃ বহু সময়ত আমি অকলে ভ্ৰমণ কৰিবলগীয়া হয়। কিন্তু অকলে ভ্ৰমণ কৰাৰ সময়ত  কেইটামান কথাৰ প্ৰতি গুৰুত্ব নিদিলে বিপদ হোৱাৰ ভয় থাকে। মনত ৰাখিব লাগিব যে অকলে ভ্ৰমণ কৰাৰ সময়ত সুৰক্ষা ইয়াত আটাইতকৈ ডাঙৰ কথা। কাৰণ কিবা বিপদত পৰিলে আমাক সহায় কৰিবলৈ আমাৰ কাষত কোনো পৰিচিত লোক নাথাকে। অকলে ভ্ৰমণ কৰাৰ সময়ত আমি কিছু কিছু বিষয়ত সাৱধান হ’ব লাগে।  এনে কিছুমান ভুলৰ বিষয়ে আহক যিবোৰ   অকলে ভ্ৰমণ কৰোঁতে এৰাই চলিব লাগে। 

    অকলে ভ্ৰমণ কৰাৰ সময়ত ভ্ৰমণ কৰা স্থানৰ সকলো বিৱৰণ আপোনাৰ ওচৰত ৰাখিব। বাছ, ৰে’ল আদিৰে তালৈ যোৱাৰ পথৰ বিষয়ে অৱগত হৈ ল’ব।  যদি গন্তব্য স্থান এটা সম্পূৰ্ণ নতুন হয়, তেন্তে নিশ্চিতভাৱে লগত এখন মানচিত্ৰ ৰাখিব। 

    ৰাজহুৱা ৱাই-ফাই ব্যৱহাৰ কৰাটো পৰাপক্ষত এৰাই চলক

    অকলে  ভ্ৰমণ কৰাৰ সময়ত আপুনি এৰাই চলিবলগীয়া কাটো হ’ল  ৰাজহুৱাভাৱে ৱাই-ফাই ব্যৱহাৰ কৰা। আজিৰ সময়ত ইণ্টাৰনেটৰ  ডাঙৰ প্ৰয়োজন আছে, কিন্তু বহু সময়ত ইয়াৰ  বাবে মানুহ প্ৰতাৰিতও হয়। সুৰক্ষা অবিহনে ৰাজহুৱা ৱাইফাই ব্যৱহাৰ কৰিলে ব্যক্তিগত তথ্য চুৰি হোৱাৰ সম্ভাৱনা থাকে। আপোনাৰ বহুতো গুৰুত্বপূৰ্ণ তথ্য আনে জানিব পাৰে। ফলত নতুন ঠাইত আপুনি সমস্যাত পৰিব পাৰে, সেয়েহে অকলে ভ্ৰমণ কৰাৰ সময়ত  পৰাপক্ষত  ৰাজহুৱা ৱাই-ফাই ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব। য়াৰ পৰিৱৰ্তে আপুনি আপোনাৰ নিজৰ মোবাইল ফোনৰ নেটেৰেই কাম চলাই দিয়ক।

    আনক ভ্ৰমণৰ তথ্য নজনাব

    অকলে ভ্ৰমণ কৰাৰ সময়ত বেছিভাগ মানুহে এই  ভুলটো কৰে। আপুনি আপোনাৰ ভ্ৰমণৰ তথ্য কাৰো সৈতে ভাগ-বতৰা নকৰিব। আপুনি ক’লৈ যাব, কিমান দিন থাকিব, ক’ত থাকিব, লগত কোনোবা আছে নেকি আদি কথাবোৰ আন সহযাত্ৰীক জানিবলৈ নিদিব। কাৰণ কোন কেনে লোক আপুনি নাজানে।