• কথাই প্ৰতি কাজিয়া! স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক কিদৰে উন্নত কৰিব? জানি থওক কাজিয়াৰ সহজ সমাধানৰ কেইটামান কিটিপ

    জীৱন শৈলী
    কথাই প্ৰতি কাজিয়া! স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক কিদৰে উন্নত কৰিব? জানি থওক কাজিয়াৰ  সহজ  সমাধানৰ  কেইটামান কিটিপ
    ডিজিটেল ডেস্কঃ বহু পৰিয়ালত স্বামী-স্ত্ৰীৰ মাজত কাজিয়া লগাটো এক সাধাৰণ কথা। কিন্তু কথাই প্ৰতি  কাজিয়া লাগিলে নিঃসন্দেহে ঘৰৰ পৰিবেশ  বিনষ্ট হৈ পৰিব।    বহুসময়ত কোনো কাৰণ নোহোৱাকৈয়ে বা সাধাৰণ কথাতে  স্বামী-স্ত্ৰীৰ মাজত  সমস্যাৰ সৃষ্টি হয়। বিশেষজ্ঞসকলে কৈছে যে ইয়াৰ আঁৰত কিছুমান গোপন কাৰণ থাকে  । মূলতঃ, ইয়াৰ কাৰণ হৈছে কামৰ চাপ। বহুসময়ত এনে অত্যাধিক উত্তেজনা-হতাশা আদিৰ  বাবেও হ'ব পাৰে। আপুনি এনে পৰিস্থিতি কেনেদৰে মোকাবিলা কৰিব? জানো আহক কেইটামান কিটিপ-

    ১) একঘেয়ামী ৰুটিনৰ পৰা নিজকে আঁতৰাই আনক । আপোনাৰ জীৱনলৈ  মধুৰতা আৰু সক্ৰিয়তা ঘূৰাই আনিবলৈ চেষ্টা কৰক। যদি আপুনি পাৰে, কৰবালৈ ফুৰিবলৈ যাওক।ভ্ৰমণে  মন  প্ৰফুল্লিত কৰি তোলে। ভ্ৰমণে স্বামী-স্ত্ৰীৰ মাজত বুজা-বুজিৰ মনোভাবো বৃদ্ধি কৰে।

    ২) যদি কিবা এটা বিষয়ত মতভেদ হয় । এজনে  অন্ততঃ চুপ  হৈ থাকক। প্ৰয়োজন হ'লে বিতৰ্ক পৰিহাৰ কৰিব।

    ৩) মুকলিকৈ কথা পাতক, কাণ খোলা  ৰাখি শুনক। ঘটনাৰ বিষয়ে  আগতীয়াকৈ অনুমান নকৰিব। সহনশীলতাৰে স্বামী-স্ত্ৰীয়ে ইজনে-সিজনৰ কথা শুনিলে  বহু সমস্যাৰ সমাধান কৰিব পাৰি।  

    ৪) তৃতীয় ব্যক্তি এজনক আপোনালোকৰ কাজিয়াৰ মাজলৈ   আহিবলৈ নিদিব। আপোনাৰ নিজৰ সমস্যা নিজেই সমাধান কৰক।

    ৫ )  স্বামী-স্ত্ৰীয়ে এনে কাম কৰক যাতে উভয়ে উভয়ৰ কামক ভাল পাবলৈ ধৰে। প্তনীয়ে বেয়া পোৱা কাম পতিয়ে নকৰিলে ঘৰত শান্তি বাহাল থাকিব।

    ৬) স্বামী-স্ত্ৰী উভয়ে ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিক। কেতিয়াও স্বামী-স্ত্ৰীয়ে ইজনে সিজনক উপলুঙা কৰা কথা নক'লে  শান্তি বাহাল থাকিব।