ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত তুলসী গছৰ বিশেষ মাহাত্ম্য আছে। তুলসীক বহু পবিত্ৰ বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰ অনুসৰি তুলসী গছে আপোনাৰ বহু সমস্যা ৰোধ কৰিব পাৰে। তুলসী গছেৰে কি কি সমস্যা সমাধান কৰিব পাৰি জানো আহক।
১) বিবাহত পলম হ'লে তুলসী গুৰিত পানী ঢালিব লাগে।
২) যদি আপুনি ব্যৱসায়ৰ লগত জড়িত, ব্যৱসায়ত সমৃদ্ধি লাভ কৰিব বিচাৰে, প্ৰতি শুকুৰবাৰে তুলসীৰ গুৰিত গাখীৰ ঢালি দিয়ক।
৩) কোঠাটোৰ চাৰিটা চুকত চাৰিটা তুলসী পাত থৈ দিব লাগে। যেতিয়াই তুলসী পাত শুকাই যায় তেতিয়াই গংগাজলত ওপঙাই দিব লাগে। জীৱনৰ সকলো অস্থিৰতা সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব।
৪) এটা পাত্ৰত পানী ভৰাই তাত দুই এটা তুলসী পাত তিয়াই থৈ পুৱা সাৰ পোৱাৰ পাছত এই তুলসী পাতৰ পানী ঘৰত ছটিয়াই দিব লাগে। এনে কৰিলে কোনো অপশক্তি আপোনাৰ ঘৰত অৱস্থান কৰিব নোৱাৰে।
৫) আপোনাৰ প্ৰৱেশদ্বাৰৰ সোঁফালে তুলসী গছ ৰোপণ কৰিব লাগে। বাস্তুৰ মতে ই জীৱনত অতি উত্তম ফল আনি দিব পাৰে।
বাস্তু বিশেষজ্ঞসকলে কয় যে এই নিয়মসমূহ পালন কৰিলে মানুহৰ সকলো সমস্যা দূৰ হয়। জীৱনলৈ আহে সুখ-সমৃদ্ধি।
Leave A Comment