ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত তুলসীক পূজনীয় বুলি গণ্য কৰা হয়। এই উদ্ভিদ ভগৱান বিষ্ণুৰ অতি প্ৰিয়। কোৱা হয় যে যি ঘৰত নিয়মিতভাৱে তুলসী গছ পূজা কৰা হয়, সেই ঘৰত সদায় সুখ আৰু সমৃদ্ধি থাকে। বাস্তুতো তুলসীক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। তুলসী উদ্ভিদে ঋণাত্মক শক্তি আঁতৰাই ধনাত্মক শক্তিক প্ৰসাৰিত কৰে।
তুলসীক সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয় যদিও ঘৰত ভালদৰে ৰখা নহ’লে শুভ ফল পোৱা নাযায়। এনে অৱস্থাত যদি আপোনাৰ ঘৰত তুলসী গছ ৰোপণ কৰা হৈছে, তেন্তে কেইটামান কথা মনত ৰাখিব। ঘৰতে তুলসী গছ ৰখাৰ শুদ্ধ নিয়ম জানো আহক...
তুলসী গছ কেতিয়াও ঘৰৰ দক্ষিণ দিশত ৰাখিব নালাগে, কাৰণ এই দিশটো পূৰ্বপুৰুষ আৰু যমৰাজৰ বুলি ধৰা হয়। বাস্তু শাস্ত্ৰৰ মতে তুলসী উদ্ভিদ ৰখাৰ সৰ্বোত্তম দিশটো হ’ল উত্তৰ-পূব।
তুলসী গছ সদায় সূৰ্যৰ পোহৰ থকা ঠাইত ৰাখিব লাগে। যদি আপোনাৰ ঘৰৰ আন্ধাৰ কোণত বা পোহৰ নপৰা ঠাইত তুলসী গছ ৰখা হয়, তেন্তে ইয়াক ভাল বুলি গণ্য কৰা নহয়।
কিছুমান মানুহে মাটিতে তুলসী গছ ৰোপণ কৰে, কিন্তু এনে কৰা উচিত নহয়। তুলসী গছ মাটিৰ পৰা সদায় ওপৰত থাকিব লাগে। তুলসী গছ এজোপা পাত্ৰত ৰোপণ কৰাটো সদায় শুভ বুলি গণ্য কৰা হয়। পকাৰে চিৰস্থায়ী ভেটি বনাই লব পাৰি বা মাটিত ৰোলেও মাটিৰ ভেটি বনাই লব লাগে।
তুলসী গছৰ আশে-পাশে সদায় পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগে। জোতা, চপ্পল, লেতেৰা কাপোৰ বা ঝাড়ু আদি তাৰ ওচৰত ৰাখিব নালাগে। ইয়াৰ বাহিৰেও তুলসী সদায় কেৱল পৰিষ্কাৰ হাতেৰেহে স্পৰ্শ কৰিব লাগে।
Leave A Comment