• পুৱা খালী পেটত হালধি পানী খালে কি হয়? জানো আহক ইয়াৰ লাভালাভবোৰ

    জীৱন শৈলী
    পুৱা খালী পেটত হালধি পানী খালে কি হয়? জানো আহক ইয়াৰ লাভালাভবোৰ

    ডিজিটেল ডেস্ক : আমি সকলোৱে জানো
    যে গাখীৰৰ লগত হালধি মিলাই সেৱন কৰিলে স্বাস্থ্যৰ পক্ষে অতি উপকাৰী, কিন্তু আপুনি কেতিয়াবা
    পানীৰ লগত হালধি মিলাই সেৱন কৰি পাইছেনে? যদি পোৱা নাই, তেন্তে আজিয়ে গঢ়ি তোলক এই
    অভ্যাস।



     জানো আহক ইয়াৰ লাভালাভবোৰ-



     ১. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি
    কৰেঃ-



    প্ৰতিঘৰ ভাৰতীয় লোকৰ পাকঘৰতে মছলা
    হিচাপে হালধি ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদিক বহু ঔষধতো হালধি ব্যৱহাৰ কৰা দেখা যায়।
    হালধিয়ে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, শৰীৰৰ গুৰুতৰৰ পৰা গুৰুতৰ সমস্যা দূৰ
    কৰাত সহায় কৰে। ছালৰ সৌন্দৰ্য্যই হওক বা ৰোগ প্ৰতিৰোধ ক্ষমতাই হওক, সকলো দিশতে হালধি
    ব্যৱহাৰ কৰাটো অতি উপকাৰী বুলি প্ৰমাণিত হৈছে।



     ২. হালধি বহু ধৰণে ব্যৱহাৰ কৰা
    হয়ঃ-



    বহু ধৰণে হালধি ব্যৱহাৰ কৰা দেখা
    যায়। বেছিভাগ মানুহেই গাখীৰৰ লগত হালধি মিহলাই সেৱন কৰে। আচলতে ইয়াত লুকাই থকা এন্টিঅক্সিডেন্ট
    আৰু এন্টি-ইনফ্লেমেটৰী গুণে শৰীৰৰ বহু সমস্যা হ্ৰাস কৰে।



     ৩. বাত বিষৰ বাবেও উপকাৰীঃ-



    বাত বিষৰ লগতে ঘাঁ ভাল কৰাত হালধি
    পানী ব্যৱহাৰ কৰাটো উপকাৰী। বাতবিষৰ ফলত হোৱা প্ৰদাহ আৰু বিৰক্তি হ্ৰাস কৰাত হালধি
    পানীও ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে।