• মঙলবাৰৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, কৰিলেই হ’ব পাৰে অমংগল...

    জীৱন শৈলী
    মঙলবাৰৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, কৰিলেই হ’ব পাৰে অমংগল...

    ডিজিটেল ডেস্ক: লোকবিশ্বাস অনুসৰি মঙলবাৰৰ
    দিনটোত হনুমানক আৰাধনা কৰিলে সুফল পোৱা যায় আৰু শনিৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব পাৰে। মঙলৰ
    বাবে বহু লোকেই মঙলবাৰৰ দিনটোত উপবাসে থাকে। হনুমান ভক্তসকলে এই দিনটোত হনুমানক
    আৰাধনা কৰে। সেইবাবেই বহুলোকে মঙলবাৰৰ দিনটোত ৰঙা কাপোৰ পৰিধান কৰে আৰু হনুমান
    চলিছা পাঠ কৰে। ভাগ্য কুণ্ডলীত মঙলগ্ৰহৰ প্ৰভাৱ মজবুত কৰিবৰ বাবে মঙলবাৰৰ দিনটো
    ব্ৰত কৰাটো অতিকৈ জৰুৰী।



    পিছে মঙলবাৰৰ দিনটোত ভুলটো কৰিব নালাগে
    এইসমূহ কাম...



     



    ১. কোৱা হয়, মঙলবাৰে নিমখ খালে হনুমান
    অসন্তুষ্ট হয়। মঙলবাৰে নিমখ খালে কামত বাধা আহিব আৰু বিভিন্ন বেমাৰে আপোনাৰ লগ লব।



     



    ২. মঙলবাৰৰ দিনটোত উত্তৰ আৰু পশ্চিম দিশত
    যাত্ৰা কৰিব নালাগে। যদি কেতিয়াবা বাধ্যত পৰি যাব লগা হয় তেনে গুড় অথবা মিঠা
    খাদ্য খাইহে ঘৰৰ পৰা ওলাব লাগে।



     



    ৩. মঙলবাৰৰ দিনটোত মাছ, মাংস অথবা কণী
    খোৱাটো অমংগল বুলি ধৰা হয়। মঙলবাৰে আমিষ খালে আপোনাৰ জীৱনত অঘটন ঘটিব পাৰে।



     



    ৪. মঙলবাৰৰ দিনটোত ভুলটো কাকো ধাৰ দিব
    নাপায়। ধাৰ দিলে এই ধন উভতাই পোৱাৰ সম্ভাৱনা কম থাকে।



     



    ৫. মঙলবাৰৰ দিনটোত আপুনি আপোনাৰ খঙৰ ওপৰত
    নিয়ন্ত্ৰণ কৰক। পৰাপক্ষত অযথা কাজিয়া-পেচালত ভাগ নল’ব।



     



    ৬. মঙলবাৰে লোহাৰ সামগ্ৰী ক্ৰয় কৰোটো
    অমংগল হিচাপে ধৰা হয়। আনহাতে ষ্টীলৰ সামগ্ৰী আৰু ধাৰ থকা বস্তু যেনে ব্লেড, নেইল
    কাটাৰ আদি কিনাটোও অশুভ।



     



    গতিকে আপোনাৰ জীৱনৰ মঙলৰ বাবে আপুনিও কৰক
    ২১ মঙলবাৰৰ ব্ৰত আৰু পৰিহাৰ কৰক এইসমূহ কাম।