ডিজিটেল ডেস্কঃ বাস্তুই আমাক নানান বিষয়ত দিহা দিছে। ঘৰ সকলো ধৰণৰ মাটিত নিৰ্মাণ কৰা উচিৎ নহয়। ঘৰ এখনত সুখ-শান্তি বাহাল ৰাখিবলৈ ঘৰ নিৰ্মাণ কৰা স্থানৰ কথাটোও ভালে খিনি নিৰ্ভৰ কৰে। বাস্তু শাস্ত্ৰৰ মতে সকলো মাটিয়েই ঘৰ সজাৰ বাবে উপযোগী নহয়। বাস্তুই সেয়ে কিছুমান ভূমিত ঘৰ নাসাজিবলৈ বিধান দিছে। কেনে ভূমি? গৃহ নিৰ্মাণৰ পূৰ্বে ভূমিৰ অৱস্থানৰ কথাটো ভালদৰে নিৰ্ণয় কৰিব লাগে। ভূমিৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি গৃহস্থৰ সুখ-শান্তিৰ বৃদ্ধি অথবা হ্ৰাস হ'ব পাৰে।
তলত কেনে ভূমিত ঘৰ নিৰ্মাণ কৰা অশুভ, সেই বিষয়ে উল্লেখ কৰা হৈছে।যি ভূমিৰ পশ্চিম পিনে চিধাচিধিকৈ ৰাস্তা পাৰ হৈ যায়, তেনে ভূমিত ঘৰ সাজিলে গৃহস্থৰ অমংগল হয়।যি ভূমিৰ পশ্চিম আৰু দক্ষিণ দিশৰ পৰা অহা দুটা পথ একেলগ হৈছে তেনে ভূমিত ঘৰ সাজিব নালাগে। যি ভূমিত পূব, পশ্চিম আৰু উত্তৰ দিশৰ পৰা অহা তিনিটা পথ একেলগ হয় তেনে ভূমিত ঘৰ সাজিব নালাগে।
যি ভূমিৰ তিনিওপিনে ৰাস্তা থাকে তেনে ভূমিত ঘৰ সাজিলে নানা অপায়-অমংগল হ’ব পাৰে। যি ভূমি চৌদিশৰ পৰা গছ-গছনি অথবা আন ঘৰে আগুৰি থকাৰ ফলত সূৰ্যৰ পোহৰ ভালদৰে পৰিব নোৱাৰে, যি ভূমিত বতাহ ভালদৰে চলাচল কৰিব নোৱাৰে, তেনে ভূমিত ঘৰ সাজিব নালাগে ।যি ভূমিৰ দক্ষিণ দিশে আঁহত গছ, পশ্চিম দিশে বট গছ, উত্তৰ দিশে ডিমৰু গছ আৰু পূব দিশে অশ্বত্থ গছ থাকে তেনে ভূমিত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ অমংগল হয়।
যি ভূমিৰ পূব দিশে বট গছ, দক্ষিণ দিশে ডিমৰু, উত্তৰত আঁহত, পশ্চিমত অশ্বত্থ গছ থাকে তেনে ভূমিত ঘৰ সাজিব নালাগে।যি ভূমিৰ পিছপিনে অথবা সন্মুখৰ পিনে কোনো শ্মশান নাইবা সমাধিস্থল থাকে তেনে ভূমিত ঘৰ সাজিব নালাগে ।যি ভূমিৰ দক্ষিণ দিশে, অগ্নি কোণত, নৈঋত কোণ অথবা বায়ু কোণত জলাধাৰ থাকে তেনে ভূমিত ঘৰ সাজিব নালাগে।
Leave A Comment