ডিজিটেল ডেস্কঃ আজিকালি ফ্ৰীজ প্ৰত্যেক ঘৰতে ব্যৱহাৰ কৰা এক অপৰিহাৰ্য যন্ত্ৰ। মানুহে প্ৰায়ে অজানিতে এনে কিছুমান বস্তু ফ্ৰীজত ৰাখে, যাৰ বাবে ভৱিষ্যতে ধনৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। ফ্ৰীজৰ বাস্তু নিয়ম জানো আহক।
কি কি বস্তু ফ্ৰীজৰ ওপৰত ৰাখিব নালাগে
১) টকা- বহুতৰে ফ্ৰীজত টকা ইত্যাদি ৰখাৰ অভ্যাস আছে। বাস্তু শাস্ত্ৰৰ মতে ধন-টকা আদি কেতিয়াও ফ্ৰীজৰ ওপৰত ৰাখিব নালাগে। ইয়াৰ ফলত ব্যৱসায়ত লোকচান হ’ব পাৰে।
২) ট্ৰফী- বহুতৰে সন্তানৰ পদক বা ট্ৰফী ফ্ৰীজৰ ওপৰত ৰখাৰ অভ্যাস আছে। তেনে কৰাটো শুভ বুলি গণ্য কৰা নহয়।
৩) গছ - বহুতে সজোৱাৰ উদ্দেশ্যে ফ্ৰীজৰ ওপৰত গছ-গছনি আদিও ৰাখে। বাস্তু শাস্ত্ৰৰ মতে গছ কেতিয়াও ফ্ৰীজৰ ওপৰত ৰাখিব নালাগে।
৪) ঔষধ- ঔষধ ফ্ৰীজৰ ওপৰত ৰাখিব নালাগে। বিজ্ঞানেও এই কথা মানি লয়। ফ্ৰীজৰ পৰা নিৰ্গত হোৱা তাপে ঔষধৰ ওপৰত প্ৰভাৱ পেলায়।
ফ্ৰীজটো কোন দিশত ৰাখিব?
ফ্ৰীজটো সদায় বেৰৰ পৰা কমেও এক ফুট দূৰত্বত ৰাখিব লাগে। ঘৰত সুখ আৰু শান্তি বজাই ৰাখিবলৈ ফ্ৰীজটো সদায় পশ্চিম দিশত ৰাখক। ইয়াৰ উপৰিও দক্ষিণ-পশ্চিম দিশকো শুভ বুলি গণ্য কৰা হয়।
Leave A Comment