স্বাস্থ্য
ডিজিটেল ডেস্ক : ঘৰখন চকুতলগা কৰি
তুলিবলৈ আপুনি হয়তো বহু ধৰণৰ গছ ঘৰৰ ভিতৰে-বাহিৰে ৰোপণ কৰে৷ কিন্তু আপুনি জানেনে এনে
কিছুমান গছো আছে যি সৌন্দৰ্যবৰ্ধন কৰে, কিন্তু কঢ়িয়াই আনে ঘৰখনৰ বাবে অশনি সংকেত।
জানো আহকচোন কি কি গছে আপোনাৰ ঘৰখনৰ বাবে অনুপযোগী?
১. কাঁইটযুক্ত গছসমূহ ঘৰত ৰখা অনুচিত
বহুতেই ঘৰখন সজাবৰ বাবে কাঁইটযুক্ত
কেকটাছ ব্যৱহাৰ কৰে৷ আপুনি হয়তো নাজানে যে এনে গছে ঘৰলৈ অমংগল কঢ়িয়াই আনিব পাৰে! সেয়ে
যদি এনে গছ আপোনাৰ ঘৰত আছে আজিয়েই সেইসমূহ দূৰ কৰক।
২. ঘৰত কেতিয়াও খৈৰ গছ ৰখা উচিত
নহয়৷যদি এই ঘৰ আপোনাৰ ঘৰত আছে, আজিয়েই আঁতৰাই থওঁক৷ কাৰণ, বাস্তুশাস্ত্ৰ অনুসৰি গছে
আপোনাৰ ঘৰলৈ অমংগল কঢ়িয়াই আনিব পাৰে৷
৩. আপোনাৰ ঘৰত থকা গোল নেমুৰ গছজোপাও
আপোনাৰ বাবে অপকাৰী হ’ব পাৰে৷ এই গছে বিভিন্ন সমস্যাৰ উদ্ভ কৰিব পাৰে৷ আনকি অৰ্থনৈতিক
সমস্যাৰো সৃষ্টি কৰিব পাৰে৷ সেয়েহে এনে গছ ঘৰৰ পৰা দূৰত ৰাখি আপুনি নিশ্চিন্ত হওঁক৷
৪. আপোনাৰ ঘৰত কেতিয়াও বটগছ ৰোপণ
নকৰিব৷ এই গছো আপোনাৰ ঘৰখনৰ বাবে বিপজ্জনক হ’ব পাৰে৷
৫. আমলখি স্বাস্থ্যৰ বাবে উপযোগী
যদিও এই গছ ঘৰৰ চৌহদত থাকিলে গৃহস্থৰ নানান অপায়-অমংগল হোৱাৰ সম্ভাৱনা থাকে৷ সেয়েহে
বাস্তুশাস্ত্ৰ অনুসৰি এই গছ নথকাটোৱেই ভাল বুলি ক’ব পাৰি।
Leave A Comment