ডিজিটেল ডেস্ক: বহু উপাৰ্জন কৰিও টকা সঞ্চয় কৰিব নোৱাৰি? নে আপুনি অহৰহ অৰ্থনৈতিক সংকটত ডুব গৈ আছে? বিভিন্ন কাৰণত ঘৰত অসুবিধা হৈছে? এবাৰ চাওকচোন এই তিনিটা বস্তু এই তিনিটা ফালে ৰাখিছে নেকি? বাস্তৰ মতে এই তিনিটা বস্তু এই তিনিটা দিশত ৰাখিব নালাগে গতিকে আৰু পলম নকৰাকৈ ঘৰৰ পৰা আঁতৰাই পেলাওক এই তিনিটা বিশেষ বস্তু ।
১. পানীৰ টেংকী কেতিয়াও দক্ষিণ-পূব দিশত ৰাখিব নালাগে। সেই দিশত পানীৰ টেংকি ৰাখিলে জীৱন জ্বলি ছাই হৈ যোৱা সদৃশ অৱস্থাৰ সৃষ্টি হ'ব। বৈবাহিক জীৱনত বিবাদ হ’ব, আৰ্থিক সংকট হ’ব আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপাই বিচাৰি নাপাব । গতিকে পানীৰ টেংকিটো সদায় দক্ষিণ-পূব দিশৰ বাহিৰে অন্য এক দিশত স্থাপন কৰক।
২. ঘৰৰ উত্তৰ দিশত জাবৰ-জোঁথৰ ৰখাটো কেতিয়াও উচিত নহয়, কাৰণ এনে কৰিলে জীৱনটো সম্পূৰ্ণ নষ্ট হৈ যাব। যদি আপুনি ইতিমধ্যে এই কাম কৰিছে তেন্তে উত্তৰ দিশলৈ যোৱা আৱৰ্জনাবোৰ অতি সোনকালে নিষ্কাশনৰ ব্যৱস্থা কৰক।
৩. ঘৰৰ উত্তৰ বা উত্তৰ-পূব দিশত কেতিয়াও শৌচাগাৰ নিৰ্মাণ কৰিব নালাগে। বাস্তুৰ মতে, আপুনি এনে কৰিলে অৱশ্যেই আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে, আপোনাৰ জীৱন আৰু জীৱিকা দুয়োটা দুৰ্বিষহ হৈ পৰিব। গতিকে,ঘৰটো নিৰ্মাণ কৰাৰ আগতে যদি বাস্ত শাস্ত্ৰ অনুযায়ী ঘৰটো বনোৱাটো সম্ভৱ নহয়ো, তেন্তে পাছত শৌচাগাৰটো সলনি কৰাৰ ব্যৱস্থা কৰক।
Leave A Comment