ডিজিটেল ডেস্কঃ আজি বিশ্বকৰ্মা পূজা। ভাদ মাহৰ সংক্ৰান্তি তিথিত বিশ্বকৰ্মা পূজা পালন কৰা হয়। মানুহৰ ঘৰে-ঘৰে, অফিচ, ফেক্টৰী আদিত বিশ্বকৰ্মা পূজাৰ ধুমধাম আয়োজন চলিছে। এই শুভ দিনটোত ধনকুবেৰ যোগ গঠন হৈছে। কুবেৰৰ আশীৰ্বাদত তিনিটা ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আগমন ঘটিব প্ৰচুৰ ধন-সম্পত্তিৰ।
কোন কোন ৰাশিৰ জাতক-জাতিকাৰ কপাল ফুলিব জানি লওঁ আহক...
কৰ্কট ৰাশিঃ বিশ্বকৰ্মা পূজাৰ শুভ ক্ষণত কুবেৰৰ আশীৰ্বাদত কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ জীৱনৰ পৰিৱৰ্তন হ’ব। তেওঁলোকৰ বুদ্ধি তীক্ষ্ণ হ’ব। কঠোৰ পৰিশ্ৰমীসকলে সুফল লাভ কৰিব। কুবেৰৰ আশীৰ্বাদত তেওঁলোকৰ ঘৰলৈ আহিব অপৰ্যাপ্ত ধন-সম্পদ।
তুলা ৰাশিঃ তুলা ৰাশিৰ জাতক-জাতিকাসকলৰো জীৱন সলনি হ’ব। তেওঁলোক বিপুল ধন-সম্পত্তিৰ অধিকাৰী হ’বলৈ গৈ আছে। আধ্যাত্মিক শক্তিক বিশ্বাস কৰি চলিলে তেওঁলোকে সকলো কাৰ্যতে সুফল পাব। এলাহ ত্যাগ কৰিলে সফলতা নিশ্চিত।
বৃশ্চিক ৰাশিঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ কাম-কাজৰ প্ৰতি নিষ্ঠাবান হ’লে সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰিব।কষ্ট কৰিলে ফল পাবই পাব। কুবেৰ দেৱতাৰ আশীৰ্বাদত তেওঁলোকৰ কষ্ট অথলে নাযায় আৰু আৰ্থিক অনাটন দূৰ হৈ ঘৰখনলৈ সুখ-শান্তি, টকা-পইচাৰ আগমন হ’ব।
Leave A Comment