• হতাশাৰ পৰা মুক্তি পোৱাৰ উপায়

    জীৱন শৈলী
    হতাশাৰ পৰা মুক্তি পোৱাৰ উপায়
     ডিজিটেল ডেস্কঃ বিপন্ন সময়, বিপন্ন মানুহ ৷ চৌদিশে সামূহিক হতাশা আৰু হাহাকাৰ ৷ ইয়াৰ পিছতো আমি আকাশলৈ মূৰ তুলি চাব লাগিব ৷ সেই বোধ আাৰু ব্যাপ্তি ধাৰণ কৰিব লাগিব আমাৰ চেতনাত ৷ এই সময় আত্মোপলব্ধিৰ৷ আত্মপাঠ আৰু আত্মোৎকৰ্ষৰ ৷ হেলাৰঙে পাৰ হৈ যাব লাগিব এই দুৰ্যোগৰ দিনবোৰ। 

    এই পৃথিৱীত পৰিচৰ্যা সকলোকে লাগে ৷ কি গছ, কি মানুহ ! 

    আহকচোন আমি জানো কিদৰে আমি পৰিত্ৰাণ পাব পাৰো এই দুঃসহ সময়ৰ পৰা ৷ নিজৰে দুৰ্বলতাসমূহ আতৰ কৰিব পাৰো । ঋষি অগস্ত্যৰ দৰে সূৰ্য্যৰ চকুত চকু থাপিব পৰাকৈ দীপ্তিমান হৈ উঠিব পাৰো ।

    নিজৰ প্ৰেমত পৰক ৷ মই একক আৰু অনন্য - এই কথা সদায় নিজকে এবাৰ হ’লেও কওক ৷ যদি পাৰে প্ৰতিদিনে সূৰ্যোদয়ৰ পূৰ্বে শুই উঠক। ধ্যান কৰক ৷ প্ৰকৃতিৰ মাজত আত্মাৰ শুদ্ধি কৰক ৷ নিজৰ পছন্দৰ একাপ চাহ তপতাই খাওক ৷ভাললগা কিতাপ পঢ়ক । মন খুলি গান গাওক ৷ কান্দক ৷ সৃষ্টি কৰক ৷ ভুল কৰক ৷ নজনা কথা শিকক ৷ প্ৰশ্ন কৰিবলৈ শিকক ৷ অন্যায়ৰ প্ৰতিবাদ কৰক৷  ভালপাওক এই পৃথিৱীক,ইয়াত বাস কৰা প্ৰতিজন মানুহ আৰু ফুলি উঠা প্ৰতিপাহ ফুলক ৷  নিজৰ ৰুচিবোধ উন্নত কৰক ৷ 

    চেৰাশালি আৰু মৰিশালিৰ সকলো সত্য আৰু সুন্দৰতাৰে নিজক মানুহ কৰি তোলক। বাৰিষাৰ ভৰুণ আকাশ হওক ৷মৰুভূমিত ফুলা ফুল হওক ৷ আঁউসীৰ শেষৰ জোন হওক ৷ নিজেই নিজৰ পোহৰ হওক ৷ আত্ম দীপো ভৱঃ ৷

    নিজৰ কদৰ কৰক ৷ 
    নিজকে সময় দিয়ক ৷ প্ৰিয় সংগীৰ সৈতে সময় কটাওক। 
    যিবোৰ কথাই আপোনাক কষ্ট দিয়ে, আঁতৰি আহক ৷ যিবোৰ মানুহে আপোনাৰ অস্তিত্বক নস্যাৎ কৰিব খোজে, আপোনাৰ সত্বাক নিঃশেষ কৰিব খোজে, পদে পদে হেয় কৰিব খোজে, তেনে লোকক কদাপি আসৈ নিদিব ৷ আওকাণ কৰক ৷ নিজকে সেই উচ্চতালৈ লৈ যাওক, যি উচ্চতাৰ পৰা সেই সকলোবোৰ বৰ তুচ্ছ  যেন লাগে৷ জেদী হওক ৷ সূৰ্য্যৰ চকুত চকু থাপিব পৰাকৈ দীপ্ত হোৱা ৷ প্ৰজ্ঞাৰে আলোকিত হওক ৷ জীৱন মহঙা। মৰি মৰি জীয়াই নাথাকিব ।