স্বাস্থ্য
ডিজিটেল ডেস্ক : বয়সৰ লগে লগে
ওজন বৃদ্ধিৰ সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে। ডায়েবেটিছ, হাৰ্টএটেক, উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰলৰ
দৰে সমস্যাও সংগী হৈ পৰে। কেৱল এয়াই নহয়, পেট আৰু কঁকালৰ
চাৰিওফালে চৰ্বি বৃদ্ধি হোৱাৰ লগে লগে শৰীৰৰ সামগ্ৰিক গঠনকো ক্ষতি কৰে। এনে সময়ত মানুহৰ
আত্মবিশ্বাসৰ অভাৱ হোৱা দেখা যায়।
ওজন কমাবলৈ ৰাতি কি কি খাব লাগে-
আমি প্ৰায়ে এনে বস্তু খাওঁ যিবোৰ
আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। যেনে-জাংক ফুড, তেলত ভজা, ফাষ্টফুড আদি। তদুপৰি ব্যস্ততাপূৰ্ণ
জীৱৱশৈলীৰ বাবে স্বাস্থ্যৰ যত্ন লোৱাটোও অসুবিধা হৈ পৰে। গতিকে খাদ্যৰ প্ৰতি বিশেষ
গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। সেয়েহে ৰাতি শোৱাৰ এনে কিছু খোৱাৰ প্ৰয়োজন যি ওজন কমোৱাত
সহায়ক হয়।
১. দৈঃ-নিশা আহাৰ খোৱাৰ পাছত দৈ
খাব লাগে। ইয়াত কেলৰি আৰু প্ৰটিন দুয়োটায়ে থাকে। যাৰ ফলত পেশীবোৰ মজবুত হয়। গাখীৰত
উপস্থিত মাইক্ৰ’নিউটেণট্ৰে হজম ক্ষমতা শক্তিশালী কৰাৰ লগতে পেটৰ চৰ্বিও কম কৰে।
২. আলমণ্ডঃ-বহু সময়ত নিশা আমাৰ
ভোক লাগে। বহুতৰ হয়তো এনেকুৱা হোৱা দেখা যায়। এনে সময়ত আলমণ্ড খাব পাৰি। ই ভোক নিবাৰণটো
সহায় কৰে আৰু স্বাস্থ্যৰ বাবেও অতি উপকাৰী।
৩. ৰুটি আৰু বাটাৰঃ-নিশা বাটাৰৰ
সৈতে ২টা ৰুটি খাব পাৰে। ই মেটাবলিজম বৃদ্ধি কৰে আৰু ওজন কমাবলৈ সহায় কৰে।
৪. কলঃ-বহুতে ভাবে যে কল খালে ওজন
বৃদ্ধি হয়। কিন্তু একেবাৰে সত্য নহয়। কাৰণ কলে ওজন কমোৱাতহে সহায় কৰে। কলত যথেষ্ট
পৰিমাণে আঁহ থাকে। ফলত দীৰ্ঘ সময়লৈ পেট ভৰি থাকে।
বিশেষজ্ঞই কি কয়?
Leave A Comment