ডিজিটেল ডেস্কঃ ভাৰতত ১৯৭৮ চনত এখন ছবিয়ে মুক্তি লাভ কৰে। ছবিখনৰ নাম আছিল ‘ডন’। অভিনেতাজনৰ নাম আছিল অমিতাভ বচ্চন, ছবিখনৰ এটা অতি জনপ্ৰিয় গীতটি আছিল ‘খাইকে পান বানাৰ ৱালা’ যিটো গীতিকাৰ অঞ্জনে লিখিছিল, সংগীত আছিল কল্যাণ জী আনন্দ আৰু ইয়াক কন্ঠদান কৰিছিল কিশোৰ কুমাৰে। আমি সকলোৱে আমাৰ শৈশৱত এই গীতটো শুনিছো আৰু আজিও এই গীতটো বহুলভাৱে জনপ্ৰিয়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ইয়াত কেৱল পাণৰ কথা কিয় উল্লেখ কৰা হৈছে? আন কোনোবা পাত কিয় নহয়?
প্ৰাচীন কালত পাণ খোৱাটো অতি ৰাজকীয় বুলি গণ্য কৰা হৈছিল। কবি, সংগীতজ্ঞ, ৰাজদৰবাৰী আদিয়ে নিজৰ লগত পাণ কঢ়িয়াই লৈ ফুৰিছিল। পাণ খোৱাৰ প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হৈছিল সেই সন্দৰ্ভত কোৱা হয় যে পাণ খোৱাৰ প্ৰথা মোগলৰ সময়ত আৰম্ভ হৈছিল। আগতে ইয়াক ছঁফ আৰু ইলাচিৰ সৈতে মিহলাই খাদ্য খোৱাৰ পাছত খোৱা হৈছিল। মোগলৰ পাছত ব্ৰিটিছ যুগতো পাণৰ ব্যৱহাৰ একেদৰেই চলি থাকিল। তাৰ পৰৱৰ্তী সময়ত পাণক মাউথ ফ্ৰেছনাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে।
দৰাচলতে পাণ চোবাই খালে হজম শক্তি উন্নত হয়। ইয়াক খালে কোষ্ঠকাঠিন্য আৰু এচিডিটিৰ দৰে সমস্যাবোৰ নাইকিয়া হয় আৰু ইয়াৰ লগতে আলচাৰৰ দৰে ৰোগো পাণৰ দ্বাৰা নিৰাময় হয়।
পাণৰ সন্দৰ্ভত সনাতন ধৰ্মত কিছু বিশ্বাস আছে। কোৱা হয় যে সাগৰ মন্থনৰ সময়ত দেৱতাসকলে পাণ ব্যৱহাৰ কৰি বিষ্ণু ভগৱানক পূজা কৰিছিল। আজিও পূজা ৰীতি-নীতিত পাণৰ গুৰুত্ব অতিশয় বেছি।
Leave A Comment