ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ সৈতে মানুহে অনাদি কালৰে পৰা সহাৱস্থান কৰি আহিছে। প্ৰাকৃতিক দুৰ্যোগ, বন্য জীৱ জন্তুৰ আক্ৰমণ আদিৰ পৰা ৰক্ষা পৰিবলৈ মানুহে বিভিন্ন কৌশল অৱলম্বন কৰি আহিছে। বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ ডিঙিত পিতৰ ৰিং পিন্ধা এটা জনগোষ্ঠীয়ে বহুতৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে।
লক্ষ্যণীয় কথাটো হ'ল জনগোষ্ঠীটোৰ প্ৰতি গৰাকী নাৰীয়ে ডিঙিত দীঘল পিতলৰ ৰিং পিন্ধে। এয়া তেওঁলোকৰ এক পৰম্পৰাত পৰিণত হৈছে।
ভাৰত-ম্যানমাৰ সীমান্তৰ কায়াহ প্ৰদেশৰ বাসিন্দা এই জনগোষ্ঠীটোৰ নাম কায়ান।
যুগ যুগ ধৰি কায়ান জনগোষ্ঠীৰ নাৰী সকলে ডিঙিত উজ্জ্বল পিতলৰ ৰিং পিন্ধি আহিছে।
ম্যানমাৰৰ কায়াহ প্ৰদেশত বাঘৰ উপদ্ৰৱ খুবেই বেছি।
বাঘে জনগোষ্ঠীটোৰ বহু লোকৰ প্ৰাণ কাঢ়ি নিছে। জনগোষ্ঠীটোৰ লোকসকলে ভাবে যে ঘৰত অকলে থকা মহিলা সকলক বাঘে সহজে আক্ৰমণ কৰিব পাৰে।
সেইবাবেই কায়ান জনগোষ্ঠীৰ সকলো নাৰীয়েই বাঘে যাতে ডিঙিত কামুৰি মৃত্যু ঘটাব নোৱাৰে তাৰ বাবে ডিঙিত পিতলৰ দীঘল ৰিং পিন্ধে।
Leave A Comment