• আপুনিও সুস্থ আৰু উজ্জ্বল ছাল বিচাৰে নেকি? এই ৩বিধ সামগ্ৰীৰে ঘৰতে তৈয়াৰ কৰক ফেচপেক

    জীৱন শৈলী
    আপুনিও সুস্থ আৰু উজ্জ্বল ছাল বিচাৰে নেকি? এই ৩বিধ সামগ্ৰীৰে ঘৰতে তৈয়াৰ কৰক ফেচপেক

    ডিজিটেল ডেস্ক : শুকান আৰু নিৰ্জীৱ
    ছালৰ বাবে সকলো অশান্তিত ভোগা দেখা যায়। তদুপৰি বৃদ্ধি পোৱা প্ৰদূষণ আৰু ৰাসায়নিকভাৱে
    তৈয়াৰী সামগ্ৰীয়ে মুখৰ অৱস্থা আৰু বেয়া কৰি তোলে। এতিয়া বলিৰেখাৰ সমস্যাটো কম বয়সতে
    পৰে, যাৰ বাবে আমি সোনকালে বুঢ়া যেন দেখা আৰম্ভ কৰোঁ। কেতিয়াবা শালমইনা আৰু কেতিয়াবা
    বলিৰেখাৰ সমস্যাই অশান্তি দুগুণে বৃদ্ধি কৰি তোলে। অতি দামী সৌন্দৰ্য সামগ্ৰীয়েও এই
    সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম নহয়। কিন্তু কিছুমান ঘৰুৱা উপায়েৰে চেষ্টা কৰি আমি
    এই সমস্যাবোৰৰ পৰা মুক্তি পাব পাৰো।



     আমাৰ আয়ুৰ্বেদত প্ৰাকৃতিক বস্তুৰ
    জৰিয়তে ছাল উন্নত কৰাৰ উপায়ৰ বিষয়ে কোৱা হৈছে। হালধি, দৈ আৰু এলোভেৰা সকলো এই আয়ুৰ্বেদিক
    গুণেৰে ভৰপূৰ। এই তিনিওবিধ সামগ্ৰী একেলগে আমি ব্যৱহাৰ কৰিলে ছালৰ বহুতো সমস্যাৰ পৰা
    মুক্তি পাব পাৰো।



     ১. ফেচপেক কেনেকৈ বনাব?



    অলপ এলোভেৰা জেল লওক, তাত সমান
    পৰিমাণৰ হালধি মিহলাই লওক। হালধি আৰু এলোভেৰাৰ এই মিশ্ৰণত সমান পৰিমাণৰ দৈ ভালদৰে মিহলাই
    লৈ মুখত খহিব লাগে।



     ২. কেনেকৈ ৰাখিব-



    এই দ্ৰব্যটো মুখত লগোৱাৰ আগতে মুখখন
    ভালদৰে ধুই ল’ব লাগে। মুখখন পৰিস্কাৰ কৰি এখন কোমল টাৱেলেৰে মচি শুকুৱাই লওক। এতিয়া
    চামুচেৰে মিশ্ৰণটো ভালদৰে মিহলাই মুখ আৰু ডিঙিত লগাব লাগে। ২০-৩০ মিনিটমান ৰাখিব আৰু
    তাৰ পাছত ঠাণ্ডা পানীৰে ধুই পেলাব লাগে।



     ৩. কি কি উপকাৰিতা আছে?



    হালধি, দৈ আৰু এলোভেৰা তিনিবিধ
    ছাল উজ্জ্বল কৰে। ইয়াৰ ফলত মুখমণ্ডলত থকা বলিৰেখাবোৰ নাইকিয়া হয়। এই ফেচপেকে এন্টিএজিং
    হিচাপে কাম কৰে।



     * দৈত লেক্ট’জ থাকে, যিয়ে ছাল
    উজ্জ্বল কৰি তোলাৰ লগতে ছালৰ শুকানতা দূৰ কৰে।



     * হালধিত এন্টি-বেক্টেৰিয়েল গুণ
    পোৱা যায়, যাৰ ফলত মুখমণ্ডলৰ ক্ষতি কৰা বেক্টেৰিয়াবোৰ নোহোৱা কৰাৰ লগতে ছালৰ কোষবোৰ
    পৰিষ্কাৰ কৰে।



     * শালমইনা আঁতৰোৱাতো এই ফেচপেক
    ফলপ্ৰসূ হিচাপে কাম কৰে। এই ফেচপেকত থকা হালধিত এন্টি-বেক্টেৰিয়েল গুণ আছে, যিয়ে
    শালমইনা সৃষ্টি কৰা বেক্টেৰিয়াক ধ্বংস কৰি এই সমস্যাৰ সমাধান কৰে।



     * এই ফেচপেকত মেলানিন নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে,
    যিয়ে মেলানিন হ্ৰাস কৰে আৰু মুখমণ্ডললৈ এক উজ্জ্বলতা আনি দিয়ে।