• আপোনাৰ স্মাৰ্টফোনে শুনি থাকে আপোনাৰ সকলো ব্যক্তিগত কথা! এই ছেটিং তৎক্ষণাত বন্ধ কৰক

    জীৱন শৈলী
    আপোনাৰ স্মাৰ্টফোনে শুনি থাকে আপোনাৰ সকলো ব্যক্তিগত কথা! এই ছেটিং তৎক্ষণাত বন্ধ কৰক
    ডিজিটেল ডেস্কঃ আপুনি কেতিয়াবা নিশ্চয় মন কৰিছে যে আপুনি যিটো বিষয়ৰ ওপৰত কথা পাতি থাকে সেই বিষয়টো আপুনি মোবাইল খুলিয়ই য়ুটিউৱ, ফেচবুক আদি ছচিয়েল মিডিয়া প্লেটফৰ্মত দেখা পায়। আপুনি দেখি নিশ্চয় আচৰিত হৈ পৰে। কাৰণ আপুনি ছাৰ্চ কৰাৰ আগতেই আপুনি পাতি থকা যিকোনো বিষয় আপোনাৰ চকুৰ আগত হাজিৰ হয়। 

    আপোনাৰ স্মাৰ্টফোনটো সঁচাকৈয়ে বৰ স্মাৰ্ট। ইয়াৰ দ্বাৰা আপুনি কথা কৈও কাম সম্পূৰ্ণ কৰিব পাৰে। এই কামত Google Assistantএ আপোনাক বহুত সহায় কৰে। আপুনি গান বজাব বিচাৰিলেও বা কাৰোবাক ফোন কৰিব বিচাৰিলেও Google Assistantএ আপোনাক সহায় কৰিবলৈ সদায় সাজু থাকে।

    আমাৰ স্মাৰ্টফোনত বহুতো এপ উপলব্ধ যিয়ে আমাৰ ফোনটোৰ কন্টেক্ট, মাইক্ৰ’ফোন আৰু কেমেৰাৰ ব্যৱহাৰ কৰিব পাৰে। এনে হয় কাৰণ আমি যেতিয়া আমাৰ স্মাৰ্টফোনত এই এপবোৰ ইনষ্টল কৰি থাকোঁ তেতিয়া আমি তেওঁলোকক চিন্তা নকৰাকৈয়ে সকলোতে প্ৰৱেশৰ সুবিধা দিওঁ। কিন্তু আপুনি জানেনে যে এই অনুমতিসমূহ দিয়াটো আপোনাৰ বাবে বিপদজনক হ’ব পাৰে কাৰণ এই এপসমূহ আৰু আপোনাৰ ফোনটোৱে আপোনাৰ কথা সদায় শুনি থাকে।

    আচলতে তেতিয়াহে গুগল, ফেচবুক, ইনষ্টাগ্ৰাম, স্নেপচ্যাটৰ দৰে ছ’চিয়েল মিডিয়া এপ ব্যৱহাৰ কৰিব পাৰিব, যেতিয়া আপুনি তেওঁলোকক মাইক আৰু কেমেৰাৰ বাবে অনুমতি দিয়ে, যেনে Google Voice Assistant ৰ বাবে আপুনি মাইক্ৰ’ফোনৰ বাবে অনুমতি দিব লাগিব। ইয়াৰ এক্সেছ নিদিয়াকৈ, আপুনি ভইচ এচিষ্টেণ্টক আদেশ দিব নোৱাৰে। ইয়াৰ উপৰিও ভইচ টু স্পিচ ফিচাৰ ব্যৱহাৰ কৰিবলৈ আমি মাইকৰো এক্সেছ দিব লাগিব।

    ইয়াৰ উপৰিও ফেচবুকৰ দৰে এপতো মাইক্ৰ’ফোনৰ অনুমতি দিব লাগিব। এই এপটোৱে টেপ টু স্পিচ আৰু ভিডিঅ’ চেটিঙৰ অনুমতি বিচাৰে। আমি এই এপবোৰক সহজেই অনুমতি দিওঁ কিন্তু ইয়াৰ মাইক ব্যৱহাৰ নকৰাৰ সময়তো এই এপবোৰে বেকএণ্ডত কাম কৰি থাকে আৰু মাইক্ৰ’ফোনৰ জৰিয়তে আমাৰ সকলো কথা-বতৰা শুনি থাকে। আমাৰ কথা শুনি এই এপবোৰে আমাক বিজ্ঞাপন দেখুৱাই আৰু আন কামতো আমাক ব্যৱহাৰ কৰে। আমি ব্যৱহাৰ নকৰা এপবোৰৰ সকলো প্ৰৱেশ বন্ধ কৰি দিব লাগে। গতিকে জানো আহক আপুনি কেনেকৈ ইয়াৰ পৰা মুক্তি পাব পাৰে।

    আইফোনত মাইক্ৰ'ফোনৰ এক্সেছ কেনেকৈ বন্ধ কৰিব

    - প্ৰথমে আপোনাৰ ফোনটোৰ Settings লৈ যাওক
    - ইয়াৰ পিছত Privacy & Settings বিকল্পত ক্লিক কৰক।
    - ইয়াত মাইক্ৰ'ফোনৰ লেবেলটো দেখা পাব।
    - ইয়াত ক্লিক কৰক আৰু তাৰ পিছত আপুনি মাইক্ৰ'ফোনত প্ৰৱেশ দিব নিবিচৰা এপসমূহৰ বাবে টগল বন্ধ কৰক।

    Android স্মাৰ্টফোনত কেনেকৈ এক্সেছ বন্ধ কৰিব পাৰি

    - আপোনাৰ স্মাৰ্টফোনৰ মাইক্ৰ'ফোনৰ প্ৰৱেশ বন্ধ কৰিবলৈ, ফোনটোৰ ছেটিংছলৈ যাওক।
    - ইয়াৰ পিছত Privacy and Security বিকল্পত ক্লিক কৰক
    তাৰ পিছত privacy option লৈ যাওক।
    - ইয়াত আপুনি মাইক্ৰ'ফোন, কেমেৰা আৰু অন্যান্যৰ বিষয়ে তথ্য পাব য'ত আপুনি কোনটো এপৰ অনুমতি দিছে সেইটো জানিব পাৰিব।
    - তথ্য পোৱাৰ পিছত সহজেই এপটোক দিয়া অনুমতি আঁতৰাব পাৰিব।