Regional
নতুন দিল্লী : প্ৰতিৰক্ষা প্ৰযুক্তিৰ দিশত আৰু এখোজ আগুৱালে ভাৰত। সফলভাৱে পৰীক্ষা কৰা হ’ল আন এবিধ নতুন ক্ষেপনাস্ত্ৰৰ। যি ক্ষেপনাস্ত্ৰই ১০০০ৰ পৰা ২০০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ লক্ষ্যত আঘাত হানি শত্ৰুক তচনচ কৰি পেলাব পাৰিব। অগ্নি ছিৰিজৰ এই ক্ষেপনাস্ত্ৰৰ নাম দিয়া হৈছে ‘অগ্নি-পি’।
আৰু পঢ়িব পাৰিব : ইংলেণ্ডকো চেৰ পেলালে দেশৰ বিশেষ অভিযানে, প্ৰধানমন্ত্ৰীৰ অভিনন্দন
সোমবাৰে ওড়িশাৰ উপকূলৱৰ্তী অঞ্চলত ‘অগ্নি-পি’ৰ সফল পৰীক্ষা কৰে দেশে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ’-এ সোমবাৰে পুৱা ১০.৫৫ মিনিটত ওড়িশা উপকূলৰ ডঃ এপিজে আব্দুল কালাম আইলেণ্ডৰ পৰা এই বেলিষ্টিক ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰে।
আৰু পঢ়িব পাৰিব : কূটাঘাতৰ ষড়যন্ত্ৰ! পাকিস্তানৰ গতি-বিধিয়ে উদ্বেগ বঢ়াইছে ভাৰতীয় সেনাৰ
এই ক্ষেপনাস্ত্ৰ পাৰমানৱিক অস্ত্ৰ বহন কৰিবলৈ সক্ষম হ’ব। ডিআৰডিঅ’ই মুকলি কৰিবলগীয়া নতুন শ্রেণীৰ অগ্নি ক্ষেপনাস্ত্ৰৰ অন্যতম হৈছে অগ্নি-পি। ইণ্ডো-পেচিফিক এলেকাত শত্ৰুক প্ৰতিহত কৰাৰ বাবে এই ক্ষেপনাস্ত্ৰ ব্যৱহাৰ হ’ব।
Leave A Comment