Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
নতুন দিল্লীঃ বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা এতিয়াও -পৰ্ণগ্ৰাফীৰ গোচৰত বন্দী কাৰাগাৰত। ৰাজ কুন্দ্ৰাৰ বিৰূদ্ধে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই তীব্ৰ তদন্ত অব্যাহত ৰাখিছে। স্বামীৰ অপৰাধে স্পৰ্শ কৰিছে শিল্পাৰ জীৱনটো। ইয়াৰ মাজতে সামাজিক জীৱনলৈ উভতিছে শিল্পা। বিপন্ন সময়ৰ নীৰৱতাক নেওচা দি অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে নৃত্য ৰিয়েলিটি শ্ব' ছুপাৰ ডান্সাৰ-৪ৰ ছেটলৈ প্ৰত্যাৱৰ্তন কৰিছে। অনুষ্ঠানটোলৈ উভতাৰ প্ৰথম দিনাই আৱেগিক হৈ পৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, শিল্পাই তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰাৰ পাছত সকলোৰে পৰা নিজকে আঁতৰাই ৰাখিছিল। শেহতীয়াকৈ, তেওঁ পুনৰ নিজ কৰ্মত যোগদান কৰিছে। বলীউডৰ তাৰকা অভিনেত্ৰীগৰাকীয়ে আৱেগ সম্বৰণ কৰি কয়, ‘মই এতিয়াও ঝাঁচীৰ ৰাণীৰ কাহিনী শুনি আছো, মই জানো আমাৰ সমাজৰ মুখ খন মোৰ চকুৰ সন্মুখত কিয় ভালদৰে প্ৰতিফলিত হৈছে। মহিলাসকলে তেওঁলোকৰ অধিকাৰৰ বাবে যুঁজ দিব লাগিব, যদি তেওঁলোকৰ স্বামী নাথাকে তেন্তে তেওঁলোকৰ অস্তিত্বৰ বাবে যুঁজ দিব লাগিব, সন্তানৰ বাবে যুঁজ দিব লাগিব।
লগতে তেওঁ কয়, ঝাঁচীৰ ৰাণীৰ কাহিনীয়ে আমাক যুঁজিবলৈ শক্তি প্ৰদান কৰে, তেওঁৰ দৰে ঐতিহাসিক চৰিত্ৰই আমাক সমাজত প্ৰচলিত নেতিবাচক চিন্তাৰ বিপৰীতে থিয় দিয়াত শক্তি দিয়ে।‘
Leave A Comment