Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
নতুন দিল্লী : দেশত ক’ভিড-১৯ৰ সংক্ৰমণ অধিক হ্ৰাস হৈছে। বিগত ২৪ঘণ্টাত দেশত ৩৭,১৫৪ জন ক’ভিড আক্ৰান্ত নতুনকৈ চিনাক্ত হৈছে। মৃত্যু হৈছে ৭২৪জন আক্ৰান্তৰ। দেশত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে ৩,০৮,৭৪,৩৭৫ লৈ। এতিয়ালৈ ৩ কোটিৰো অধিক আক্ৰান্ত আৰোগ্য হৈ উঠিছে। দেশত এতিয়া দৈনিক সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে ২.৫৯শতাংশলৈ।
বিগত ২১ দিনে দেশত সংক্ৰমিতৰ হাৰ ৩ শতাংশৰ তলতে থকাটো আশাপ্ৰদ চিহ্নিত হৈছে। ইফালে, কিছু লেহেমীয়াকৈ চলি আছে টিকাকৰণ অভিযান। দেশত এতিয়ালৈকে ৩৭.৭৩ কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰিছে। এই বছৰৰ শেষলৈ ১০৮কোটি লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে যদিও দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিষেধকৰ নাটনিৰ বাবে টিকাকৰণ কেন্দ্ৰ বন্ধ হৈ পৰিছে।
আনহাতে, বিশ্বৰ আন আন ঠাইত ক’ভিডৰ ডেল্টা সংক্ৰমণ বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ পাইছে। সোমবাৰৰ দিনটোত অষ্ট্ৰেলিয়াত দেশখনত সৰ্বাধিকসংখ্যক ক’ভিড সংক্ৰমণ হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ছীডনীৰ দৰে মহানগৰ কঠোৰ লকডাউনৰ মাজত থকাৰ পাছতো তাত ক’ভিডৰ ডেল্টা প্ৰকাৰৰ সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰা বুলি জানিব পৰা গৈছে।
Leave A Comment