আঞ্চলিক
ডিজিটেল ডেস্ক : ষ্ট্ৰীট ফুড বুলিলে নিসন্দেহে প্ৰথমে মনলৈ আহে বড়া পাৱৰ নাম। অসমত এই খাদ্য বৰ বেছি জনপ্ৰিয় নহ’লেও মুম্বাইৰ দৰে মহানগৰত আছে বড়া পাৱৰ বিপুল সমাদৰ। এতিয়া এই বড়া পাৱৰ জনপ্ৰিয়তাকে এখোজ আগুৱাই দি ডুবাইৰ এখনি ৰেষ্টুৰেণ্টে প্ৰচলন কৰিবলৈ ওলাইছ স্বৰ্ণখচিত বড়া পাৱ। হয় ঠিকেই পঢ়িছে, ডুবাইৰ ওপাও নামৰ ৰেঁস্তোৰা খনে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে পৃথিবীৰ সৰ্বপ্ৰথম ২২ কেৰেট সোণ খচিত বড়া পাৱ।
ৰেষ্টুৰেণ্টখনে নিজৰ অফিছিয়েল ইনষ্টাগ্ৰাম হেণ্ডলৰ জৰিয়তে এই কথা সদৰি কৰিছে। ইনষ্টাগ্ৰামৰ পোষ্টটোত এই খাদ্যবিধৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ বিষয়েও সামান্য আভাস দিছে ওপাও ৰেষ্টুৰেণ্টে।বাটাৰ, চীজ আৰু স্বৰ্ণ সমৃদ্ধ এই বড়া পাৱৰ সোৱাদ ল’বলৈ ইতিমধ্যেই হেতা ওপোৰা লাগিছে ডুবাইৰ সম্পদশালী ব্যক্তিসকলৰ মাজত।
বিলাসিতাৰ বাবে জনাজাত ৰঙীণ মহানগৰ ডুবাইত বিশেষ সমাদৰ লভা এই বড়া পাৱৰ মূল্যহে পিছে অলপ বছি। অলপ বেছি মানে ভালেখিনিয়েই বেছি।শুনি আচৰিত হ’ব, ভাৰতীয় হিচাপত ওপাওৰ এটা বড়া পাৱৰ মূল্য হ’বগৈ প্ৰায় ২০০০ টকা। যি নহওঁক, ৰেষ্টুৰেণ্টখনৰ এই বিশেষ আয়োজনে যদিহে আপোনাকো আকৃষ্ট কৰিছে তেন্তে ইয়াৰ সোৱাদ লোৱাৰ কথা আপুনিও ভাবিব পাৰে। অৱশ্যেই এই জুতি ল’বলৈ হ’লে আপুনি যাব লাগিব ডুবাইলৈ!
Leave A Comment