• ৭ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব... সোণোৱাল কছাৰী সাহিত্য সভাৰ ধেমাজি অধিৱেশন

    আঞ্চলিক
    ৭ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব...  সোণোৱাল কছাৰী সাহিত্য সভাৰ ধেমাজি অধিৱেশন
    ডিজিটেল ডেস্ক: অসমৰ অন্যতম প্রাচীন জনগোষ্ঠী সোণোৱাল কছাৰীসকলে নিজা ভাষা-সংস্কৃতিৰে সমৃদ্ধ হৈ বর্তমান পর্যন্ত অসমীয়া জাতি, অসমৰ সৰ্বাংগীণ উন্নতিৰ হকে কাম কৰি আহিছে। বৃহত্তৰ অসমীয়া জাতিৰ অন্যতম অংগ সোণোৱাল কছাৰীসকলৰ সমাজ জীৱনৰ সৈতে সংপৃক্ত ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু সাধনাৰ গতিধাৰাক অধিক উন্নত, প্রাণৱন্ত আৰু সৃষ্টিশীল কৰাৰ প্রয়াসেৰে ২০১৭ চনৰ ১৩ মে'ত ডিব্ৰুগড়ত গঠন হৈছিল সোণোৱাল কছাৰী সাহিত্য সভা। 

    সোণোৱাল কছাৰী সাহিত্য সভাই জন্মলগ্নৰে পৰা সোণোৱাল কছাৰীৰ সমাজ, ভাষা-সাহিত্য-সংস্কৃতি আদি বিভিন্ন দিশত উত্তৰণৰ বাবে ইতিমধ্যে কাম কৰি আহিছে। ইতিবাচক কর্ম সম্পাদন কৰাৰ উপৰি আন বহু পৰিকল্পনা গ্রহণ কৰিছে। সোণোৱাল কছাৰী সাহিত্য সভাৰ এইবাৰ দ্বিতীয়সংখ্যক অধিৱেশনখন ধেমাজি জিলা সেণোৱাল কছাৰী সাহিত্য সভাৰ সৌজন্যত ধেমাজিবাসীৰ আতিথ্যত ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত ধেমাজিৰ বাটঘৰীয়াৰ আমোলগুৰিত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। সোণোৱাল কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি মোহন সোণোৱাল, প্রধান সম্পাদক মৃদুল সোণোৱাল, জিলা সভাপতি ডাঃ পুণ্য বৰুৱা, সম্পাদক কল্পজিৎ সোণোৱাল আৰু অভ্যর্থনা সমিতিৰ সভাপতি টংকেশ্বৰ সোণোৱাল, কাৰ্যকৰী সভাপতি ড° লব ৰাম সোণোৱালে জনোৱা মতে প্রথম দিনা ভোগালী সমন্বয় ক্ষেত্র আৰু মূল তোৰণ উদ্বোধন, সোণোৱাল কছাৰী সাহিত্য সভাৰ পতাকা উত্তোলন, সহযোগী জিলাসমূহৰ পতাকা উত্তোলন, চাৰিমুখীয়া চাকি প্রজ্বলন, স্মৃতি তর্পণ, গছপুলি ৰোপণ, সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত গৃহ উদ্বোধন, সোঁৱৰণী গ্রন্থ উদ্বোধন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত প্রদর্শনী আৰু সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত খাদ্যমেলা উদ্বোধন, বাণিজ্যমেলাৰ দ্বাৰ উদ্বোধন, মূল মঞ্চ উদ্বোধন, প্রতিনিধি শিবিৰ উদ্বোধন আৰু নাম পঞ্জীয়ন, সাহিত্য প্রতিযোগিতা, সোণোৱাল কছাৰী গাঁৱৰ সমাজ উত্তৰণত পাঠেক, গীতঘাই, বাৰিক আৰু আলোচনা-চক্র, সোণোৱাল কছাৰী সাহিত্য সভাৰ অন্তিমখন কার্যনির্বাহক সভা, জনগোষ্ঠীয় সাজ-পাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। 

    দ্বিতীয় দিনা আলোচনা-চক্র, সাংস্কৃতিক অনুষ্ঠান, সোণোৱাল কছাৰী সাহিত্য সভাৰ প্রতিনিধি সভা, অসম ভিত্তিক চিত্রাংকণ প্রতিযোগিতা, সোণোৱাল কছাৰী জনগোষ্ঠীয় লোক-কৃষ্টি প্রদর্শন, জনগোষ্ঠীয় সাহিত্য সভ্য সন্মিলন আৰু গ্রন্থ উন্মোচন, সোণোৱাল কছাৰী সাহিত্য পত্রিকা (কাব্য সংখ্যা) উন্মোচন, শিল্পী বেঞ্জামিন সোণোৱাল সোঁৱৰণী জনগোষ্ঠীয় সাংস্কৃতিক সন্ধিয়া। তৃতীয় দিনা সাংস্কৃতিক শোভাযাত্ৰা কৰা হ'ব। অংশগ্রহণ কৰিব অভিনেতা অৰুণ হাজৰিকা, অংশুমান ভূঞাই। সমান্তৰালকৈ জনগোষ্ঠীয় সাংস্কৃতিক সভা আৰু বঁটা প্ৰদান সমাৰোহ, মুকলি অনুষ্ঠান, সন্ধিয়া আমন্ত্রিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া, জয়ন্ত সোণোৱালে। এইক্ষেত্রত ইতিমধ্য শ শ স্বেচ্ছাসেৱক আৰু মহিলা সাজু হৈছে প্রতিনিধি তথা অতিথিক আদৰিবলৈ আমোলগুৰি ভোগালী সমন্বয় ক্ষেত্ৰত।

    (দৈনিক জনমভূমিৰ  প্ৰতিবেদন)