• আফগানভূমিত আসন্ন গৃহযুদ্ধঃ মাৰ্ক মিলি

    ৰাষ্ট্ৰীয়
    আফগানভূমিত আসন্ন গৃহযুদ্ধঃ মাৰ্ক মিলি

    ৱাশ্বিংটনঃ তালিবানে ক্ষমতা দখল কৰাৰ পাছৰে পৰা আফগানিস্তানত অনাকাংক্ষিত পৰিৱেশ বিৰাজ কৰিছে। দেশখন এই সমকালীন পৰিস্থিতিয়ে গৃহযুদ্ধৰ আগজাননী দিয়া বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া চীফ অৱ ষ্টাফৰ অধ্যক্ষ মাৰ্ক মিলিয়ে মন্তব্য কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে মাৰ্ক মিলিয়ে। কাবুলৰ পতনৰ পাছত আফগানিস্তান তালিবানৰ নিয়ন্ত্ৰণলৈ আহিছিল যদিও তালিবানী আগ্ৰাসন কিম্বা সংঘৰ্ষ স্তিমিত হোৱা নাছিল। পঞ্জশীৰ দখলৰ উদ্দেশ্য তুমুল সংঘৰ্ষত লিপ্ত হৈছে তালিবান।





    দেশখনৰ পঞ্জশীৰ প্ৰদেশত বিৰোধী পক্ষৰে এতিয়াও তীব্ৰ যুঁজ দি আছে তালিবানে। এই সমৰত কট্টৰপন্থী মৌলবাদী সংগঠনটোৰ সহস্ৰ তালিবানী সদস্য নিহত হোৱা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। যুদ্ধ-বিধ্বস্ত আফগানিস্তানৰ অৰ্থনীতিও লাহে লাহে ধ্বংস হ'বলৈ ওলাইছে। দেশখনৰ বেংকবোৰ হৈ পৰিছে প্ৰায় অৰ্থহীন। বিভিন্ন বিত্তীয় পৰিসেৱাও বন্ধ কৰি দিয়া হৈছে। ইফালে, কাবুল, হেৰাটকে ধৰি বিভিন্ন অঞ্চলত আফগান মহিলাসকলে অধিকাৰৰ দাবীত ৰাজপথলৈ ওলাই আহিছে।





    প্ৰতিবাদী সমদলক ছত্ৰভঙ্গ দিয়াবলৈ তালিবানে বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰা বুলিও পোহৰলৈ আহিছে। আফগানভূমিত তালিবানৰ স্ৱৈৰাছাৰী শাসন আৰু ক্ষমতা আঁজুৰি অনাৰ স্বাৰ্থত জাৰি ৰখা তিক্ত সংগ্ৰামৰ পৰ্যালোচনা কৰি মাৰ্ক মিলিয়ে আফগানিস্তানৰ পৰিস্থিতি গৃহযুদ্ধলৈ পৰ্যবসিত হোৱা বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। এই গৃহযুদ্ধৰ ফলত আল-কায়েদা আৰু আইএছৰ দৰে সন্ত্ৰাসবাদী সংগঠনসমূহে পুনৰ সন্মুখ-সমৰত অৱতীৰ্ণ হ’ব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰিছে। অহা ১-৩ বছৰৰ ভিতৰত আফগানিস্তানত এক বৃহৎ সন্ত্ৰাসবাদী শক্তি পুনৰুজ্জীৱিত হৈ উঠাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি বুলিও তেওঁ সদৰী কৰিছে।