• ক'ভিডৰ বাবে অন্তিম সুযোগ হেৰুওৱা ইউপিএছচিৰ প্ৰাৰ্থী পুনৰ বহিব পাৰিব পৰীক্ষাত

    ৰাষ্ট্ৰীয়
    ক'ভিডৰ বাবে অন্তিম সুযোগ হেৰুওৱা ইউপিএছচিৰ প্ৰাৰ্থী পুনৰ বহিব পাৰিব পৰীক্ষাত

    নতুন দিল্লী: ক'ভিড-১৯ মহামাৰীৰ বাবে ২০২০ চনত ইউপিএছচি অসামৰিক সেৱা পৰীক্ষাৰ বাবে অন্তিম প্ৰচেষ্টা হেৰুওৱাবলগীয়া হোৱা প্ৰাৰ্থীসকলক অতিৰিক্ত সুযোগ প্ৰদান কৰা হ'ব। কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনাইছে এই কথা৷ উচ্চতম ন্যায়ালয়ে ৰচনা সিং নামৰ প্ৰাৰ্থীগৰাকীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি বিষয়টো বিবেচনা কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিছিল৷





    আৰু পঢ়িব পাৰিব : ডিব্ৰুগড়ৰ কংগ্ৰেছ সভাপতিৰ দায়িত্ব এৰিলে এতোৱা মুণ্ডাই





    যিসকলে ২০২০ৰ অক্টোবৰত অনুষ্ঠিত ইউপিএছচিৰ প্ৰাথমিক পৰীক্ষাত অন্তিমবাৰ অৱতীৰ্ণ হ'ব লাগিছিল কিন্তু ক'ভিড-১৯ মহামাৰীৰ বাবে পৰীক্ষা দিব পৰা নাছিল সেইসকলক লৈ সমস্যাৰ সৃষ্টি হৈছিল। উল্লেখ্য যে, ভাৰতীয় অসামৰিক সেৱাৰ প্ৰাথমিক পৰীক্ষা ৪ অক্টোবৰত অনুষ্ঠিত হৈছিল। পৰীক্ষাটো প্ৰথমতে মে' মাহত নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু ক'ভিড-১৯ মহামাৰীৰ বাবে স্থগিত ৰাখিব লগা হৈছিল।





    আৰু পঢ়িব পাৰিব : বাকসাৰ গোৰেশ্বৰ আৰু শুৱাগপুৰত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ





    ২০২০ৰ ছেপ্টেম্বৰত শীৰ্ষ আদালতে কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগক (ইউপিএছচি) উচ্চ বয়সৰ সীমাৰ সংশ্লিষ্ট সম্প্ৰসাৰণৰ সৈতে ২০২০ চনত অন্তিম প্ৰচেষ্টাৰ প্ৰাৰ্থীসকলক অতিৰিক্ত সুযোগ প্ৰদান কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। ২৬ অক্টোবৰত কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে আদালতক জনাইছিল যে অন্তিম সুযোগ প্ৰাৰ্থীসকলৰ অতিৰিক্ত প্ৰচেষ্টা প্ৰদানৰ বিষয়টো কৰ্তৃপক্ষৰ বিবেচনাত আছে। তথ্য অনুসৰি ৪ অক্টোবৰত মুঠ ৪,৮৬,৯৫২জন প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল।