Regional
Amitabh Sharma, a spokesperson for Indian Railways, stated on June 3 that the rescue operations at the terrible triple train collision scene...
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাৰ জিলা দণ্ডাধীশ বিনীত কুমাৰ এতিয়া আছে সংবাদ শীৰ্ষত। কাৰণ তেওঁ জাৰি কৰা এক তালিবানী সদৃশ ফটোৱা। নিজৰ নিৰ্দেশত তেওঁ কয়, “ টি চাৰ্ট আৰু জিন্স পৰিহিত কিছুসংখ্যক জিলা পৰ্যায়ৰ বিষয়া আৰু কৰ্মচাৰী জ্যেষ্ঠ বিষয়াসকলৰ বৈঠকলৈ অহা মই দেখি আছো। এগৰাকী চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এনেধৰণৰ সাজ-পোছাক একেবাৰেই খাপ নাখায়”।
লগতে তেওঁ লিখে, “ কাৰ্যালয়ত টি ছাৰ্ট আৰু জিঞ্চ পৰিধান কৰিলে কেৱল ‘ভুল বাৰ্তা’ই প্ৰেৰণ কৰা নহয়, কাৰ্যালয়ৰ ভাবমূৰ্তিও ম্লান পৰে”।
বিনীত কুমাৰে তেওঁৰ আদেশনামাত লিখে, “ কৰ্মচাৰীসকলক শালীনভাৱে পোছাক পৰিধান কৰি কাৰ্যালয়লৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে। এই আদেশ কাৰ্যকৰী কৰাৰ বাবে দায়বদ্ধ হ’ব সংশ্লিষ্ট বিভাগৰ মুৰব্বী গৰাকী। এই আদেশ কাৰ্যকৰী নহ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব”।
সম্ভৱত বাগেশ্বৰেই উত্তৰাখণ্ডৰ প্ৰথমখন জিলা য’ত ইমান কঠোৰভাৱে পোছাক বিধি আৰোপ কৰা হৈছে। বছৰচেৰেক পূৰ্বে উধম সিঙ নগৰৰ এগৰাকী জিলা দণ্ডাধীশেও অনুৰূপ আদেশ জাৰি কৰিছিল। কিন্তু এই আদেশ কাৰ্যকৰী কৰাৰ কেইঘণ্টামানৰ পিছতেই জিলা দণ্ডাধীশগৰাকীক বদলি কৰা হয়।
অৱশ্যে কৰ্মচাৰী সংগঠনসমূহে বাগেশ্বৰৰ জিলা দণ্ডাধীশৰ এই আদেশক স্বাগতম জনাইছে।
Leave A Comment