• হোলী আৰু জুম্মাৰ নামাজ একেদিনাই! তিৰ্পালেৰে ঢাকি পেলোৱা হৈছে মছজিদ

    ৰাষ্ট্ৰীয়
    হোলী আৰু জুম্মাৰ নামাজ একেদিনাই! তিৰ্পালেৰে ঢাকি পেলোৱা হৈছে মছজিদ
    ডিজিটেল ডেস্কঃ দেশৰ ইতিহাসত ৬৪ বছৰৰ পাছত হোলী আৰু ৰমজানৰ জুম্মাৰ নামাজ একেলগে হ’বলৈ গৈ আছে। এই দিনটো দুটা ধৰ্মৰ একত্ৰীকৰণৰ উৎসৱ হিচাপে দেখা গ’লহেঁতেন তেন্তে ভাল হ’লহেঁতেন। কিন্তু ইয়াৰ বিপৰীত হোৱাৰহে সম্ভাৱনা। 

    একেদিনাই হোলী আৰু জুম্মাৰ নামাজ হোৱা বাবে সংঘাতৰ পৰিৱেশৰ সৃষ্টি হৈছে। সন্দেহ হৈছে যে ই দেশৰ পৰিবেশ বিষাক্ত হোৱাৰ এক প্ৰধান কাৰণ হৈ উঠিব পাৰে। 

    উত্তৰ প্ৰদেশৰ বহু জিলাৰ মছজিদসমূহ তিৰ্পালেৰে ঢাকি পেলাইছে মছজিদ কমিটিয়ে। মছজিদত যাতে কোনো কাৰণতে ৰং নালাগে তাৰ বাবে এনেকুৱা কৰিছে মছজিদ কমিটিসমূহে। সম্ভল, আলীগড়, বৰেলী, শ্বাহজাহানপুৰকে ধৰি উত্তৰ প্ৰদেশৰ বহু জিলাত মছজিদসমূহ তিৰ্পালেৰে ঢাকি দিয়া হৈছে। শ্বাহজাহানপুৰত এতিয়ালৈকে প্ৰায় ৬৭টা মছজিদ তিৰ্পালেৰে আৱৰি ৰখাৰ বিপৰীতে সম্ভলৰ কমেও ১০টা মছজিদ ঢকা হৈছে। 

    আন চহৰৰ পৰাও এনে খবৰ অবিৰতভাৱে আহি আছে। এতিয়া বহু লোকেই প্ৰশ্ন উত্থাপন কৰিছে যে মছজিদক তিৰ্পালেৰে ঢাকি ৰখাটো এয়া ভুল পৰম্পৰাৰ আৰম্ভণি নহয়নে? উত্তৰ প্ৰদেশৰ মছজিদ ঢাকি ৰখাৰ এই নতুন প্ৰথাই উত্তৰ প্ৰদেশৰ ভাবমূৰ্তি কলংকিত নকৰিবনে? মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শাসনত উত্তৰ প্ৰদেশত মুছলমান সুৰক্ষিত নহয় বুলি এই বাৰ্তা বিশ্বলৈ নাযাবনে? এনেধৰণৰ আৰু বহুতো প্ৰশ্ন কৰিছে সচেতন লোকে। 

    আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল, মছজিদবোৰ ঢাকি ৰখাৰ আদেশ কোনে দিলে? উত্তৰ প্ৰদেশ চৰকাৰে এই সন্দৰ্ভত কোনো নিৰ্দেশ জাৰি কৰা নাই। সম্ভলৰ ডি এম ৰাজেন্দ্ৰ পান্সিয়াই কয় যে মুছলমান সম্প্ৰদায়ে নিজেই মছজিদসমূহ ঢাকি ৰাখিছে। 



    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor