• কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ বাসবৰাজ বোম্মাইৰ

    ৰাষ্ট্ৰীয়
    কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ বাসবৰাজ বোম্মাইৰ

    বাংগালুৰু : আজি বাসবৰাজ বোম্মাইয়ে কৰ্ণাটকৰ ২৩ সংখ্যক মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে। মঙলবাৰে বাংগালুৰুৰ এখন ব্যক্তিগত হোটেলত দলীয় বৈঠকৰ পাছত বোম্মাইক ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হয়। বাংগালুৰুৰ ৰাজভৱনৰ ‘গ্লাছ হাউছ’ত অনুষ্ঠিত অনুষ্ঠানত ৰাজ্যপাল থাৱৰচান্দ গেহলটে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় বোম্মাইক। কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইয়ে আজি সন্ধিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব।





    বিজেপিৰ জ্যেষ্ঠ বিধায়ক আৰ অশোকে কয় যে, কৰ্ণাটকৰ ৰাজভৱনত শপতগ্ৰহণ অনুষ্ঠানৰ সামৰণি পৰাৰ পাছতে মঙলবাৰে সন্ধিয়া বিধায়কসকলৰে অনুষ্ঠিত হ'বলগীয়া বৈঠকৰ প্ৰতি লক্ষ্য ৰাখি বোম্মাইৰ বাবে বাংগালুৰুৰ পৰা নতুন দিল্লীলৈ এখন বিশেষ বিমানৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য, দুবছৰীয়া কাৰ্যকালৰ পাছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিএছ য়েডিয়ুৰাপ্পাই পদত্যাগ কৰিছিল। য়েডিয়ুৰাপ্পাৰ মন্ত্ৰীসভাত তেওঁ গৃহমন্ত্ৰীৰ দায়িত্বত আছিল। বাসবৰাজ বোম্মাই হৈছে ৰাজ্যখনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী জনতা দলৰ নেতা এছ আৰ বোম্মাইৰ পুত্ৰ। ২০০৮ চনত তেওঁ জনতা দল ইউনাইটেডৰ পৰা বিজেপিত যোগ দিয়ে। এই পদবী লাভৰ পাছতে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বোম্মাইয়ে কয় যে, তেওঁ কেতিয়াও এনে প্ৰত্যাশা ৰখা নাছিল আৰু তেওঁ কেৱল কঠিন পৰিশ্ৰমৰ ওপৰতে বিশ্বাস ৰাখিছিল।