Lifestyle
Discover the astrological predictions for Aries, Leo, Virgo, and other zodiac signs on December 7, 2023...
নতুন দিল্লী : দেশৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধি বামপন্থী নেতা সীতাৰাম য়েছুৰী অপ্ৰত্যাশিত আঘাতৰ সন্মুখীন হৈছে। ক’ভিডত মৃত্যু হৈছে য়েছুৰীৰ পুত্ৰ আশিস য়েছুৰীৰ। দিল্লীত মৃত্যু হয় অহা জুন মাহত ৩৫ বছৰত ভৰি দিবলগীয়া আশিসৰ। পেচাত সাংবাদিক আশিস গুৰুগ্ৰামৰ মেডাণ্টা হাস্পতালত চিকিৎসাধীন হৈ আছিল।
আৰু পঢ়িব পাৰিব: বোৱাৰী সন্ধানহীন! হাহাকাৰ অৱস্থা স্বামীৰ
ক’ভিডকে প্ৰায় দুসপ্তাহজোৰা যুঁজৰ পাছত মৃত্যুক আকোঁৱালি ল’লে আশিস য়েছুৰীয়ে। পুত্ৰৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰি জ্যেষ্ঠ ৰাজনীতিকজনে টুইটাৰত লিখিছে, ‘গভীৰ শোকেৰে মই এই কথা ব্যক্ত কৰিবলগীয়া হৈছে যে, মই মোৰ জ্যেষ্ঠ পুত্ৰ আশিস য়েছুৰীক হেৰুৱালোঁ।
আৰু পঢ়িব পাৰিব: অসমীয়াক সুৰৰ জিঞ্জিৰি পিন্ধাই আঁতৰি গ’ল ভিতালী দাস…
পু্ত্ৰৰ চিকিৎসাত নিয়োজিত হৈ থাকি আমাক আশাৰ কিৰণ দেখুওৱা চিকিৎসক, নাৰ্ছ, আন স্বাস্থ্যকৰ্মী, চাফাইকৰ্মী আৰু আন সকলো শুভাকাংক্ষীলৈ আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশিস য়েছুৰীৰ মৃত্যুক ‘কৰুণ আৰু অপ্ৰত্যাশিত’ আখ্যা দিছে আৰু গভীৰ শোক ব্যক্ত কৰিছে।
Leave A Comment