Regional
নতুন দিল্লী : আজিৰে পৰা দেশজুৰি গণ ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে৷ সৰ্বসাধাৰণৰ বাবেও আজিৰে পৰা কোভিড ভেকচিনৰ কাৰ্যসূচী আৰম্ভ হৈছে৷ কোভিড ভেকচিন ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এইম্ছত ভাৰত বায়’টেকৰ কোভাক্সিনৰ প্ৰথমটো ড’জ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে৷
আৰু পঢ়িব পাৰিব : হৃদয় বিদাৰক : স্বামীয়ে কেৰাচিন ঢালি জ্বলাই দিলে পত্নীক
ডিঙিত ফুলাম গামোচা লৈ ভেকচিনৰ ড’জ লোৱাৰ পাছতে সকলোকে ভেকচিন ল’বলৈ আহ্বান নৰেন্দ্ৰ মোদীৰ৷ সংকটক্ষণত চিকিত্সক-চিকিত্সাকৰ্মীৰ সেৱাক পুনৰ প্ৰশংসা কৰে মোদীয়ে৷ ইপিনে দেশৰ ৬০ বছৰ ঊৰ্ধ্বৰ নাগৰিকক আৰু ৪৫ বছৰৰ ঊৰ্ধ্বৰ অসুস্থ লোকক চৰকাৰী আৰু ব্যক্তিগত চিকিত্সালয়ত দিয়া হ’ব ভেকচিন৷
আৰু পঢ়িব পাৰিব : ‘আমি ব্ৰিটিছকো পৰাজিত কৰিছিলোঁ, নৰেন্দ্ৰ মোদী কোন?’
উল্লেখ্য যে ব্যক্তিগত চিকিত্সালয়ত প্ৰতিটো ড’জৰ বাবে ধাৰ্য কৰা হৈছে ২৫০ টকা৷ ২৫০ টকাৰ ভিতৰত ১৫০ টকা ভেকচিন, ১০০ টকা ছাৰ্ভিচ চাৰ্জ৷ আনহাতে, চৰকাৰী চিকিত্সালয়ত বিনামূলীয়া হ’ব কোভিড ভেকচিন৷
Leave A Comment