Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
ডিজিটেল ডেস্কঃ কাশ্মীৰত সক্ৰিয় হৈ আছে বিচ্ছিন্নতাবাদী শক্তি। ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰি জম্মু আৰু কাশ্মীৰক ভাৰতৰ অন্য প্ৰান্তৰ সৈতে একাত্ম কৰাৰ চেষ্টা চলিলেও যেন এতিয়াও পাকিস্তান প্ৰেমৰ পৰা মুক্ত হ'ব পৰা নাই কাশ্মীৰৰ কিছুসংখ্যক লোক! জম্মু কাশ্মীৰৰ বিছিন্নতাবাদী নেতা চৈয়দ আলী শ্বাহ গিলানীৰ মৃত্যু আৰু তাৰ পিছৰ ঘটনাপ্ৰৱাহে এই ইংগিতেই বহন কৰিছে।
উল্লেখ্য যে যোৱা বুধবাৰে ৯২ বছৰ বয়সত মৃত্যু হয় গিলানীৰ। কিন্তু সকলোকে আচৰিত কৰি মৃত্যুৰ পিছতে গিলানীৰ সমাধিৰ ওপৰত পাকিস্তানৰ জাতীয় পতাকা মেৰিয়াই কাশ্মীৰৰ একাংশ স্থানীয় লোক আৰু দল- সংগঠনে নেতাজনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগে লগে চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ভিডিঅ'। স্বাভাৱিকতেই সৰ্বত্ৰ সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ।
নিজ দেশৰ ভিতৰতে হোৱা এনে ধৰণৰ কৰ্ম কাণ্ডক কোনো এজন ভাৰতীয়ই সহজভাৱে ল'ব পৰা নাই। উল্লেখযোগ্য যে জম্মু কাশ্মীৰক বিশেষাধিকাৰ প্ৰদান কৰা ৩৭০ নং অনুচ্ছেদ বাতিল হোৱাৰ পিছৰ পৰাই কাশ্মীৰৰ একাংশ লোক ক্ষোভিত হৈ পৰিছিল আৰু আৰু চৈয়দ আলী শ্বাহেও পাকিস্তানৰ সমৰ্থনত বহুতো কাম কৰাৰ লগতে বক্তব্য ৰাখি আহিছিল।
যি নহওঁক,উক্ত ঘটনাৰ পিছতে জম্মু কাশ্মীৰ আৰক্ষীয়ে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপত লিপ্ত সকলো সংগঠনৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে।
Leave A Comment