Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
চুৰাট: গুজৰাটৰ চুৰাটৰ সমীপত এখন তীব্ৰবেগী ট্ৰাকে পথৰ দাঁতিত শুই থকা ১৫জন প্ৰব্ৰজিত শ্ৰমিকক মহটিয়ায় নিয়ে৷ চুৰাটৰপৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগত থকা কোসম্বা গাঁৱৰ সমীপৰ এই ঘটনাটো পুৱাই ঘটা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
আৰু পঢ়িব পাৰিব : মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবি সদস্যলৈ চৰকাৰৰ আৰ্থিক সাহায্য…
কিম-মাণ্ডৱী পথত নিদ্ৰাৰত শ্ৰমিকৰ ওপৰৰে ডাম্পাৰ ট্ৰাকখন চলাই নিয়াৰ ফলত ১২জন শ্ৰমিকৰ মৃত্যু হয়। ইফালে আঘাতপ্ৰাপ্ত আন কেইজনমান শ্ৰমিকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে ৩জনৰ মৃত্যু হোৱাত নিহতৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পায়৷
আৰু পঢ়িব পাৰিব : এইসকল লোকে গ্ৰহণ কৰিব নোৱাৰিব ক’ভিড ভেকচিন
বিপৰীত দিশৰপৰা অহা ট্ৰেক্টৰ ট্ৰলীৰ পৰা ওলাই থকা কুঁহিয়াৰত খুন্দা মৰাৰ পাছতে ট্ৰাক চালকজনে নিয়ন্ত্ৰণ হেৰুওৱা বুলি অনুমান কৰা হৈছে৷
Leave A Comment