Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
নতুন দিল্লী: ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত চাইকেল চলাই বিৰোধিতা বিৰোধীৰ। কিছুদিন পূৰ্বে, পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ দিল্লীৰ ছাউথ এভিনিউৰ দলীয় কাৰ্যালয়ৰ পৰা তৃণমূল সাংসদে চাইকেল চলাই সংসদলৈ গৈছিল। একেপথেই যেন অনুসৰণ কৰিছে ৰাহুল গান্ধীয়ে! তৃণমূলৰ সাংসদসকলৰ পাছত ৰাহুলকে ধৰি বিৰোধী পক্ষৰ একাংশই চাইকেল চলাই সংসদলৈ ৰাওনা হয়। ইয়াৰ পূৰ্বে, ৰাহুলক সংসদলৈ ট্ৰেক্টৰ চলাই যোৱা দেখা গৈছিল। কেইবাজনো বিৰোধী নেতাৰ সৈতে এখন বৈঠক অনুষ্ঠিত হৈছিল।
বৈঠকত সংসদীয় ৰণনীতিৰ বিষয়ে আলোচনা কৰা বুলি জানিবলৈ পোৱা গৈছে। ৰাহুল গান্ধীয়ে আজি পুৱা দিল্লীত এখন প্ৰাতঃভোজন সভাৰ আহ্বান কৰিছিল। প্ৰায় এঘণ্টা ধৰি চলা ৰুদ্ধদ্বাৰ বৈঠকৰ পাছত বিৰোধীৰ স্থিতি শক্তিশালী কৰাৰ ৰণকৌশল তৈয়াৰৰ উপৰি বৈঠকৰ পাছত ৰাহুলে চাইকেলেৰে সংসদলৈ ৰাওনা হৈছিল। উল্লেখ্য যে, উক্ত বৈঠকখনত তৃণমূল, এনচিপি, শিৱসেনা, চিপিএম, চিপিআই, আৰএছপিৰ প্ৰতিনিধি উপস্থিত আছিল।
আনহাতে, দেশব্যাপী শিহৰণ তোলা পেগাচাছ বিষয়টোৱে সংসদৰ দুয়োখন সদনতে তিক্ত বিতৰ্কৰ সৃষ্টি কৰিছিল। পেগাচাছকে ধৰি কেইবাটাও বিষয়ত সম্প্ৰতি সদন অস্থিৰ হৈ আছে। বিৰোধীয়ে ‘প্লে-কাৰ্ড’ লৈ প্ৰতিবাদ সাব্যস্ত কৰাও পৰিলক্ষিত হৈছে। পেগাচাছকে ধৰি কেইবাটাও বিষয়ত সংসদৰ বৰ্ষাকালীন অধিৱেশন চলি আছে। কৃষক আন্দোলনৰ সৈতে সংহতি স্থাপন তেওঁৰ মূল উদ্দেশ্য বুলি ৰাহুল গান্ধীয়ে সদৰী কৰিছে। প্ৰণিধানযোগ্য যে, দেশজুৰি তোলপাৰ লগোৱা কৃষি আইন প্ৰত্যাহাৰৰ দাবীও কৰিছিল ৰাহুলে। তেওঁ কয়, ‘মই কৃষকসকলৰ প্ৰতিনিধি হিচাপে তেওঁলোকৰ বাৰ্তা প্ৰদান কৰিবলৈ সংসদলৈ আহিছো।’
Leave A Comment