Regional
Cabinet Minister Chandra Mohan Patowary presented the Himachal Pradesh Chief Minister with a bank draft for Rs. 10 crore on behalf of the state government.
বেংগালুৰু: শনিবাৰে সন্ধিয়া বেংগালুৰু চহৰত এজন ২১ বছৰীয়া চিলনী চোৰে দুই সহযোগীৰ সৈতে এগৰাকী মহিলাৰ ডিঙিৰপৰা সোণৰ চেইন এডাল টানিবলৈ চেষ্টা চলাইছিল। বিজয় গুণ্ডা ঠালি বুলি চিনাক্ত হোৱা চোৰটো ঘটনাস্থলীৰ পৰা পলায়ন কৰাত ব্যৰ্থ হয়।
ঘটনাটো সংঘটিত হৈছিল বেংগালুৰুৰ এমটি ৰোডত। চেইনডাল লৈ চোৰকেইটা পলায়ন কৰিবলৈ লওঁতেই মহিলাগৰাকীয়ে চিঞঁৰ-বাখৰ কৰাত ৰাইজে বিজয়ক কৰায়ত্ত কৰে যদিও বাকী দুজন পলাবলৈ সক্ষম হয়। ৰাইজে উত্তম-মধ্যম সোধাওঁতে বিজয়ে সোণৰ চেইনডাল গিলি দিয়ে। পুলিচে চোৰটোক উদ্ধাৰ কৰে যদিও চেইনডালৰ সম্ভেদ উলিয়াব পৰা নাছিল। পাছত প্ৰাথমিক চিকিৎসাৰ বাবে বিজয়ক হাস্পতাললৈ লৈ যোৱাতহে ঘটনাৰ ৰহস্য ভেদ হয়। এক্স-ৰে ৰিপ'ৰ্টত বিজয়ৰ পেটত থকা চেইনডালৰ উপস্থিতি ধৰা পৰে।
ডাক্তৰৰ পৰামৰ্শমতে আৰক্ষীয়ে চোৰটোক বুজন পৰিমানৰ কল খাবলৈ বাধ্য কৰায় যাতে চেইনডাল তাৰ শৌচৰ লগত ওলাই আহে। এই পদ্ধতি বিফল হোৱাত ডাক্তৰে দৰব ব্যৱহাৰ কৰিহে চেইনডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Leave A Comment