National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
কাবুল: আফগানিস্তানত আৰম্ভ হৈছে চৰকাৰ গঠনৰ তৎপৰতা।চৰকাৰ গঠনৰ সমাধানসূত্ৰ বিচাৰি তালিবানী নেতৃত্ব আৰু হাক্কানি নেটৱৰ্কে চুন্নী পাষ্টুন গোটৰ সৰ্বোচ্চ নেতা মোল্লা হিবতুল্লা আখুন্দজাদাৰ সৈতে আলোচনা চলাই আছে। আশা কৰা হৈছে যে আজি সন্ধিয়া বা কাইলৈৰ ভিতৰত তালিবান চৰকাৰৰ কেবিনেট সম্পৰ্কে আনুষ্ঠানিক ঘোষণা আগবঢ়োৱা হ’ব।উল্লেখ্য যে যদিও তালিবানী নেতৃত্বই বাৰম্বাৰ বিশ্বৰ সন্মুখত এখন ঐক্যবদ্ধ চৰকাৰ গঠনৰ কথা ঘোষণা কৰি আহিছে তথাপি কিন্তু দিনে দিনে তালিবানী শাসকৰ নিজৰ মাজৰ মতভেদ প্ৰকট হৈ পৰিছে।
এটা গোটে তালিবান চৰকাৰত ৰাজনৈতিক উপাদানসমূহক আগস্থান দিয়াৰ বিপৰীতে অন্য এটা চক্ৰ আকৌ সক্ৰিয় হৈ পৰিছে সামৰিক ক্ষেত্ৰৰ ব্যক্তিৰে চৰকাৰ গঠন কৰিবলৈ। এইক্ষেত্ৰত বিশেষভাৱে সক্ৰিয় হৈ উঠিছে মোল্লা য়াকুব।সামৰিক ক্ষেত্ৰৰ ব্যক্তিৰে চৰকাৰ সমৃদ্ধ কৰিব বিচৰা মোল্লা য়াকুব হ’ল সামৰিক আয়োগৰ মুৰব্বী। তেওঁ কয় যে দোহাত বিলাসী জীৱন যাপন কৰাসকলে চৰকাৰ গঠনৰ চৰ্তাৱলী নিৰূপণ কৰিব নোৱাৰে। চৰকাৰ গঠনত মুখ্য ভুমিকা ল’ব কেৱল আমেৰিকা নেতৃত্বাধীন দখলদাৰী বাহিনীৰ বিৰুদ্ধে জিহাদ কৰি অহা লোকসকলেহে। তেওঁ স্পষ্ট ভাষাৰে সমালোচনা কৰে মোল্লা বাৰাদে আৰু শ্বেৰ মহম্মদ ষ্টানেকজাক যিয়ে তালিবান চৰকাৰত সামৰিক শক্তিৰ বিপৰীতে ৰাজনৈতিক শক্তিৰ উপস্থিতিৰ পৃষ্টপোষকতা ক্ৰি আহিছে।
মোল্লা য়াকুব আৰু হাক্কানি নেটৱৰ্কৰ মাজতো চৰকাৰ গঠনক লৈ মতবিৰোধ থকাৰ খবৰ আহিছে। একেদৰেই চৰকাৰ গঠনক লৈ ঐক্যমতত উপনীত হ’ব পৰা নাই পাষ্টুন আৰু অনা পাষ্টুন গোটৰ নেতাসকল।বিভাজন আছে অ-পাষ্টুন তালিবান আৰু কান্দাহাৰ গোটৰ মাজতো। চৰকাৰত প্ৰত্যেকেই প্ৰধান অংশীদাৰিত্ব বিচাৰিছে । আকৌ আফগানিস্তাপন্থী আৰু পাকিস্তানপন্থীৰ মাজতো সংঘাতৰ উকমুকনি ঘটিছে। কাজেই এই সংঘাতৰ অৱসান কিদৰে সেয়া লক্ষ্যণীয় হ’ব। অন্যথা এই সমস্ত সংঘাতৰ কুফল যে সাধাৰণ আফগান লোকেই ভুগিব লাগিব সেয়া নিশ্চিত।
Leave A Comment