• ছিকিমৰ নাকু লাত চীনা সৈন্যৰ আগ্ৰাসন প্ৰতিহত ভাৰতীয় সেনাৰ

    ৰাষ্ট্ৰীয়
    ছিকিমৰ নাকু লাত চীনা সৈন্যৰ আগ্ৰাসন প্ৰতিহত ভাৰতীয় সেনাৰ

    নতুন দিল্লী: লাডাখত চলি থকা অস্থিৰতাৰ মাজতে ভাৰতে বিগত সপ্তাহত উত্তৰ ছিকিমৰ নাকু লাত চীনা সৈন্যৰ আগ্ৰাসনৰ এক প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে চীনা সৈন্যই বিগত সপ্তাহত সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰিছিল৷





    আৰু পঢ়িব পাৰিব : ৰংজুলিৰ ৰৌমাৰীত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে শিল্পী মনোজক…





    কিন্তু উত্তৰ ছিকিমৰ নাকু লাত ভাৰতীয় সৈন্যসকলে প্ৰত্যাহ্বান জনোৱাৰ ফলত হিংসাত্মক সংঘৰ্ষ হৈছিল। এই হিংসাত্মক সংঘৰ্ষৰ ফলত দুয়োফালৰ সৈন্যই আঘাতপ্ৰাপ্ত হয়৷





    আৰু পঢ়িব পাৰিব : মছজিদত অচিনাক্ত ১৫জনীয়া দল প্ৰৱেশ কৰি পঢ়িলে নামাজ !





    সংঘৰ্ষটোত প্ৰায় ২০জন চীনা সৈনিক আহত হোৱাৰ বিপৰীতে ভাৰতীয় সেনাৰ চাৰিজন সৈন্য আঘাতপ্ৰাপ্ত হৈছিল৷ অৱশ্যে ভাৰতীয় সেনাৰ সৈন্যসকলে উত্তৰ ছিকিমত প্ৰতিকূল বতৰৰ পৰিস্থিতি সত্ত্বেও চীনক সফলতাৰে পাছ হোঁহকাবলৈ বাধ্য কৰায়৷