• দিল্লীত মুখ্যমন্ত্ৰী : ৰাষ্ট্ৰপতিক কাজিৰঙা ভ্ৰমণৰ বাবে আমন্ত্ৰণ ডঃ শৰ্মাৰ

    ৰাষ্ট্ৰীয়
    দিল্লীত মুখ্যমন্ত্ৰী : ৰাষ্ট্ৰপতিক কাজিৰঙা ভ্ৰমণৰ বাবে আমন্ত্ৰণ ডঃ শৰ্মাৰ

    নতুন দিল্লী : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক কাজিৰঙা ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ লগতে মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ সৈতে ৩০০ দিনৰ শিশুৰ আহাৰ লাভ কৰাৰ সন্দৰ্ভতো আলোচনা কৰে৷





    ইপিনে, কাৰ্বি আংলঙত কয়লাৰ খনিসমূহক বৈধতা প্ৰদানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতেও আলোচনাত মিলিত হয় ডঃ শৰ্মা৷ আলফা স্বাধীনৰে আলোচনাৰ প্ৰসংগত তেওঁ গুৰুত্বপূ্ৰ্ণ মন্তব্য কৰি কয়, পৰেশ বৰুৱাৰে সন্মানজনক স্থিতিত আলোচনা হ'ব লাগিব, সাৰ্বভৌমত্বৰ দাবী পৰেশ বৰুৱাইও এৰিব নোৱাৰে আমিও ধৰিব নোৱাৰোঁ৷ গতিকে আলফা(স্বাধীন) আৰু চৰকাৰৰ মাজত আলোচনাৰ বাবে এটা মধ্যমপন্থা লাগিব বুলি তেওঁ মন্তব্য কৰে৷





    মেট্ৰিক পৰীক্ষা সম্পৰ্কেও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ এইবাৰ যিসকলে পৰীক্ষাত পাছ কৰিব, তেওঁলোকে চাকৰি পোৱা নোপোৱাটোক লৈ ভুল বুজাবুজি হৈছে বুলি তেওঁ মন্তব্য কৰে৷ ই এক ছিৰিয়াছ সামাজিক সমস্যা, ইমান টুলুঙা নহয়। নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি এনে ভালেমান বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।