Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
চিত্তোৰ: নৰবলিৰ এক এক আশ্চৰ্যজনক ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশত৷ এগৰাকী মাতৃয়ে দেওবাৰে নিশা অন্ধ্ৰ প্ৰদেশৰ চিত্তোৰ জিলাৰ মদনপালে চহৰত তেওঁৰ দুই কন্যাক একেলগে হত্যা কৰে৷ অভিযুক্ত পদ্মজা নামৰ মহিলাগৰাকীয়ে দুই কন্যাক হত্যা কৰিবলৈ ডাম্বেল ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে৷ মৃত যুৱতীকেইগৰাকীকক আলেখ্যা (২৭) আৰু সাই দিব্যা (২২) বুলি চিনাক্ত কৰা হৈছে। মহিলাগৰাকীৰ স্বামীও হত্যাকাণ্ডটোত জড়িত আছিল।
আৰু পঢ়িব পাৰিব : ২০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’ এক্সপো : অংশ ল’ব ৪খন দেশৰ প্ৰতিনিধিয়ে
ঘটনাটোৰ বিষয়ে কৰা সোধা-পোছাত অভিযুক্তকেইগৰাকীয়ে কয় যে সূৰ্যোদয়ৰ পাছত তেওঁলোকৰ কন্যা দুগৰাকী পুনৰ জীৱিত হ'ব৷ কিয়নো 'কলিযুগ' শেষ হৈ সোমবাৰৰপৰা 'সত্যযুগ' আৰম্ভ হ'ব। উল্লেখ্য যে, পদ্মজা আৰু তেওঁৰ স্বামী পুৰুষোত্তম নাইডুৱে এখন বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কাম কৰে। দম্পতীটোৰ ডাঙৰ ছোৱালী আলেখ্যাই ভূপালত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল, আনহাতে সৰু ছোৱালী সাই দিব্যা বিবিএ স্নাতক আছিল। দিব্যা মুম্বাইৰ এ আৰ ৰহমান মিউজিক স্কুলত শিক্ষাগ্ৰহণ কৰি আছিল আৰু লকডাউনৰ সময়ত ঘৰলৈ উভতি আহিছিল।
আৰু পঢ়িব পাৰিব : নেপালত ৰাজনৈতিক অস্থিৰতাৰ নতুন মোৰ, বিপদ বৃদ্ধি কে পি অ’লিৰ
আৰক্ষীয়ে প্ৰকাশ কৰা মতে দম্পতীটোৱে লকডাউনৰ সময়ত আৰু বিশেষকৈ দেওবাৰে নিশা অদ্ভুত আচৰণ কৰি আছিল। চুবুৰীয়াসকলে আচৰিত শব্দ আৰু কান্দোন শুনি আৰক্ষীক ফোন কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ এগৰাকী কন্যাৰ মৃতদেহ পূজা কৰা কোঠাৰপৰা আৰু আন এটা মৃতদেহ আন এটা উদ্ধাৰ কৰা হৈছিল । মৃতদেহকেইটা ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ৷
Leave A Comment