• দেশৰ ৰাজধানীত ভেকচিনৰ নাটনিঃ বন্ধ একাধিক টিকাকৰণ কেন্দ্ৰ

    ৰাষ্ট্ৰীয়
    দেশৰ ৰাজধানীত ভেকচিনৰ নাটনিঃ বন্ধ একাধিক টিকাকৰণ কেন্দ্ৰ

    নতুন দিল্লীঃ দিল্লী চৰকাৰৰ সৈতে কেন্দ্ৰ চৰকাৰৰ মিশ্ৰিত সংঘাত যেন নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। দেশৰ ৰাজধানীত পুনৰ আৰম্ভ ভেকচিনৰ বিতৰ্ক। দিল্লীত এতিয়া ক’ভিচিল্ড ভেকচিনৰ নাটনি দেখা গৈছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ একাধিক টিকাকৰণ কেন্দ্ৰ মঙলবাৰৰ পৰা বন্ধ হোৱাৰ উপক্ৰম হৈছে। সোমবাৰে নতুন দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীশ ছিছ’দিয়াই ৰাজধানীত ক’ভিড-১৯ ভেকচিন মজুদ নাই বুলি সদৰী কৰাৰ পাছতে মঙলবাৰে ভালেকেইটা টিকাকৰণ কেন্দ্ৰ বন্ধ ৰখা হৈছে।






    উল্লেখ্য যে, নতুন দিল্লীত দৈনিক গঢ়ে প্ৰতি ডেৰ লাখ লোকক ক’ভিড প্ৰতিষেধক দিয়া হয়। সোমবাৰে মুঠ ৩৬,৩১০টা ভেকচিনৰ ড’জহে দিয়া হৈছে। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীশ ছি’ছদিয়াই টুইটাৰযোগে সদৰী কৰে যে, ‘দিল্লীত ভেকচিন শেষ। কেন্দ্ৰীয় চৰকাৰে এদিন বা দুদিনৰ ভেকচিন দিয়ে। সেইবাবে কেইদিনমানৰ বাবে টিকাকৰণ কেন্দ্ৰসমূহ বন্ধ থাকিব।’ ইয়াৰোপৰি, ক’ভিড জৰ্জৰ পৰিস্থিতি সূত্ৰপাতৰ অতদিনৰ পাছতো ভেকচিন যোগানত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হোৱাৰ কাৰণ কি বুলি প্ৰশ্ন মনীশ ছিছ’দিয়াৰ। ইফালে, ২১ জুনৰ পৰা সমগ্ৰ দেশতে বিনামূলীয়াকৈ ভেকচিন প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। কিন্তু দিল্লী চৰকাৰক ভেকচিন যোগানৰ বেলিকা কেন্দ্ৰীয় চৰকাৰে হেলেম-হেতেম কৰাৰ অভিযোগ উত্থাপিত হৈছে। দিল্লীৰ উপৰি মহাৰাষ্ট্ৰসহ আনকেইবাখনো ৰাজ্যই ভেকচিনৰ নাটনিক কেন্দ্ৰ কৰি এতিয়া সৰব হৈ উঠিছে।